১৫৩০ গৰাকী শিক্ষকৰ জীৱনলৈ আনিলে আশাৰ বতৰা! মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পিঠা খোৱালে শিৱসাগৰৰ শিক্ষকে

News18 Assam | News18-Assam
Updated:October 16, 2020, 4:57 PM IST
১৫৩০ গৰাকী শিক্ষকৰ জীৱনলৈ আনিলে আশাৰ বতৰা! মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পিঠা খোৱালে শিৱসাগৰৰ শিক্ষকে
বৃহস্পতিবাৰে নিশা শিৱসাগৰত উপস্থিত হয় ৰাজ্যৰ শিক্ষা, স্বাস্থ্য, বিত্ত আৰু গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

বৃহস্পতিবাৰে নিশা শিৱসাগৰত উপস্থিত হয় ৰাজ্যৰ শিক্ষা, স্বাস্থ্য, বিত্ত আৰু গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

  • Share this:
শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পিঠা উপহাৰ দিলে শিক্ষকে। বৃহস্পতিবাৰে নিশা শিৱসাগৰত উপস্থিত হয় ৰাজ্যৰ শিক্ষা, স্বাস্থ্য, বিত্ত আৰু গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। শুকুৰবাৰে শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত শিৱসাগৰ যুৱ দলত অনুষ্ঠিত বিশেষ কৃতজ্ঞতা সভাত শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সম্বৰ্ধনা জনাই জিলাখনৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে।

এক দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ আনন্দত বেতন বঞ্চিত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীয়ে পিঠাৰ টোপোলা প্ৰদান কৰি কৃতজ্ঞতা প্ৰদৰ্শন কৰে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। উল্লেখ্য যে, শিৱসাগৰৰ প্ৰায় ১৫৩০ গৰাকী বেতন বঞ্চিত কৰ্মৰত শিক্ষকৰ এক দীৰ্ঘদিনীয়া সমস্যা নবেম্বৰ মাহৰ ভিতৰত সমাধান কৰা হ’ব বুলি যোৱা ৪ অক্টোবৰত নাজিৰাত আশ্বাস প্ৰাদান কৰিছিল মন্ত্ৰীগৰাকীয়ে।

বৰ্তমান এই সমস্যা সমাধানৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতেই মন্ত্ৰীগৰাকীয়ে ধেমালীতে শিৱসাগৰৰ শিক্ষক সকলে মোক পিঠা খুৱাব লাগিব বুলি মন্তব্য কৰিছিল। মন্ত্ৰীজনৰ এই মন্তব্যক সন্মান জনাই শুকুৰবাৰে শিক্ষক সকলে পিঠাৰ টোপোলা আগবঢ়াই ধন্যবাদ জ্ঞাপন কৰে শিক্ষা মন্ত্ৰীগৰাকীক।
Published by: Himangshu Bhuyan
First published: October 16, 2020, 4:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading