• Home
  • »
  • News
  • »
  • assam
  • »
  • লকডাউনৰ মাজতে ড্ৰোণ সাজি চমক সৃষ্টি শিৱসাগৰৰ এজন ছাত্ৰৰ

লকডাউনৰ মাজতে ড্ৰোণ সাজি চমক সৃষ্টি শিৱসাগৰৰ এজন ছাত্ৰৰ

বিদ্যুৎচালিত ডাষ্টবিন, ভেকুৱাম ক্লিনাৰ, বেটাৰী বিহীন টৰ্চলাইট আদি সাজি উলিয়াইছে ছাত্ৰজনে৷

বিদ্যুৎচালিত ডাষ্টবিন, ভেকুৱাম ক্লিনাৰ, বেটাৰী বিহীন টৰ্চলাইট আদি সাজি উলিয়াইছে ছাত্ৰজনে৷

বিদ্যুৎচালিত ডাষ্টবিন, ভেকুৱাম ক্লিনাৰ, বেটাৰী বিহীন টৰ্চলাইট আদি সাজি উলিয়াইছে ছাত্ৰজনে৷

  • Share this:
শিৱসাগৰ জিলাৰ হাঁহচৰা শুকতি আলি চূণপোৰা হাবিগাঁৱৰ এজন ছাত্ৰৰ উদ্ভাৱনী প্ৰতিভাই চমক সৃষ্টি কৰিছে। লকডাউনৰ মাজতেই ছাত্ৰজনে সাজি উলিয়ালে এখন ড্ৰোণ৷ ৰিম’ট ব্যৱহাৰ কৰি এই ড্ৰোণখন বৰ্তমান আকাশত উৰুৱাইছে ছাত্ৰজনে৷ ড্ৰোণখনত ভৱিষ্যতে কেমেৰা সংলগ্ন কৰিব ছাত্ৰজনে৷ অকল ড্ৰোণেই নহয়, ছাত্ৰজনে উদ্ভাৱন কৰিছে বহুকেইটা অত্যাধুনিক ইলেকট্ৰ’নিক সজুঁলি৷ যিকেইটাৰ জৰিয়তে ঘৰৰ বহু কাম সহজ কৰি তুলিছে ছাত্ৰজনে৷

বিদ্যুৎচালিত ডাষ্টবিন, ভেকুৱাম ক্লিনাৰ, বেটাৰী বিহীন টৰ্চলাইট আদি সাজি উলিয়াইছে ছাত্ৰজনে৷ নিজ চিন্তাশক্তি আৰু ইণ্টাৰনেটৰ সহায়ত এই সামগ্ৰীসমূহ উদ্ভাৱন কৰি উলিয়াইছে শিৱসাগৰ হলিনেম বিদ্যালয়ৰ মেধাৱী ছাত্ৰ গীতাৰ্থ বৰগোহাঁয়ে। দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ গীতাৰ্থই সৰুৰে পৰাই নিজ চিন্তাৰে বিভিন্ন যন্ত্ৰপাতি সাজি উলিয়াইছিল।

অষ্টম শ্ৰেণীত পঢ়ি থাকোতে ছাত্ৰজনে উদ্ভাৱন কৰিছিল এখন ইলেকট্ৰিক বাইচাইকেল, যিখন আজিও সুন্দৰকৈ চলাই আছে ছাত্ৰজনে৷ দেশত চলি থকা  লকডাউনৰ মাজতেই বিদ্যালয়ৰ পাঠ্যপুথি অধ্যয়নৰ লগতে এইবাৰ গীতাৰ্থ বৰগোহাঁয়ে তৈয়াৰ কৰিলে এই বিশেষ ড্ৰোণখন। ইয়াৰ উপৰি ছাত্ৰজনে উদ্ভাৱন কৰা চেনছৰ সংলগ্ন ডাষ্টবিনটোক লৈ বহু আশাবাদী ছাত্ৰজন৷ এই সকলোবোৰৰ লগতে ছাত্ৰজনে সংগীত চৰ্চাও অব্যাহত ৰাখিছে৷   ভৱিষ্যতে এজন বৈজ্ঞানিক হোৱাৰ মন ছাত্ৰজনৰ৷
Published by:Sanjay Kumar Das
First published: