শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ এগৰাকী আশী উৰ্ধৰ আইতা। ৮০ বছৰ বয়সতো নিৰলসভাৱে সাহিত্য সাধনাত ব্যস্ত আইতাগৰাকী । ১৯৯৬ চনৰ পৰাই সাহিত্য ৰচনাত ব্যস্ত আইতাগৰাকীয়ে ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছে কেইবাখনো গল্প,কবিতা,নাটকৰ পুথি লগতে উপন্যাস। কিন্তু ধনৰ অভাৱত আইতাই বহুলভাৱে প্ৰচাৰ কৰিব পৰা নাই তেওঁ ৰচনা কৰা গ্ৰন্থ সমূহ।
শেহতীয়াকৈ আইতাগৰাকীয়ে লিখা এখন উপন্যাস অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰকাশৰ বাবে সহায়ৰ আহ্বান জনায়৷ আইতা গৰাকীয়ে লিখা "মৰুভূমিত এপাহি পদুম"নামৰ উপন্যাসখন ছপা কৰিবলৈ নাজিৰা এখন সভাত অনুৰোধ জনাইছিল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক। আইতাৰ অনুৰোধক সঁহাৰি জনাই উপন্যাসখন ছপা কৰাৰ দায়িত্ব লয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
আইতা গৰাকীৰ নাম মোহিত্ৰী সন্দিকৈ। শিৱসাগৰ জিলাৰ শিমলুগুৰি এটা ভাড়াঘৰত নিজ পুত্ৰৰ সৈতে বাস কৰে আইতাগৰাকী। ৮৫ বছৰীয়া এইগৰাকী মোহিত্ৰী সন্দিকৈয়ে ব্যস্ত হৈ পৰিছে সাহিত্য চৰ্চাত। বহু ঘাট-প্ৰতিঘাট কষ্টৰ মাজেৰে দিন পাৰ কৰা আইতাই সাহিত্য চৰ্চা কৰাৰ লগতে ক্ৰীড়াৰ লগতো জড়িত৷ নিজ প্ৰতিভাৰ পৰিচয় দি আইতাগৰাকীয়ে প্ৰবীন ক্ৰীড়াৰ দৌৰ আৰু খোজকঢ়া প্ৰতিযোগিতাত পদক জয় কৰিবলৈ সক্ষম হৈছে৷
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আইতাৰ অনুৰোধ ৰক্ষা কৰাৰ বাবেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে আইতাগৰাকীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|