শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতালৈ ভাৰত চৰকাৰৰ গৃহ বিভাগে আগবঢ়াইছে বিশেষ সন্মান। আৰক্ষী বিষয়াগৰাকীক ভাৰত চৰকাৰৰ গৃহ বিভাগে সুৰক্ষা সেৱা পদকৰ বাবে নিৰ্বাচিত কৰিছে।

উল্লেখযোগ্য যে যুগল কিশোৰ কলিতাই বিগত পাঁচ বছৰত কেইবাটাও দুধৰ্ষ ডকাইতৰ দলৰ লগতে দুই শতাধিক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। বৰ্তমান শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত যুগল কিশোৰ কলিতাই বিভিন্ন সময়ত ড্ৰাগছ বিৰোধী, শিশু নিৰ্যাতন, শিশু শ্ৰমিক বিৰোধী সজাগতা শিবিৰো অনুষ্ঠিত কৰি আহিছে। বিষয়া গৰাকীলৈ এই সন্মান আগবঢ়োৱাত শিৱসাগৰ আৰক্ষী মহলৰ লগতে ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|