உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • শিৱসাগৰৰ নিমিষা কাকতিৰ প্ৰতিভা! তামোলৰ ঢকুৱাত আঁকিলে বিধানসভাৰ অধ্যক্ষ, মুখ্যমন্ত্ৰীসহ বিধানসভাৰ সকলো সদস্যক! বিধানসভাত কৰা হ'ল প্ৰদৰ্শন

    শিৱসাগৰৰ নিমিষা কাকতিৰ প্ৰতিভা! তামোলৰ ঢকুৱাত আঁকিলে বিধানসভাৰ অধ্যক্ষ, মুখ্যমন্ত্ৰীসহ বিধানসভাৰ সকলো সদস্যক! বিধানসভাত কৰা হ'ল প্ৰদৰ্শন

    অধ্যক্ষ, মুখ্যমন্ত্ৰী, উপাধ্যক্ষ, মন্ত্ৰী আৰু বিধায়কসকলৰ ছায়া চিত্ৰসমূহ সোমবাৰে বিধানসভা সচিবালয়ৰ অস্থায়ী চাহমেল কক্ষত প্ৰদশৰ্ন কৰা হয়৷

    অধ্যক্ষ, মুখ্যমন্ত্ৰী, উপাধ্যক্ষ, মন্ত্ৰী আৰু বিধায়কসকলৰ ছায়া চিত্ৰসমূহ সোমবাৰে বিধানসভা সচিবালয়ৰ অস্থায়ী চাহমেল কক্ষত প্ৰদশৰ্ন কৰা হয়৷

    অধ্যক্ষ, মুখ্যমন্ত্ৰী, উপাধ্যক্ষ, মন্ত্ৰী আৰু বিধায়কসকলৰ ছায়া চিত্ৰসমূহ সোমবাৰে বিধানসভা সচিবালয়ৰ অস্থায়ী চাহমেল কক্ষত প্ৰদশৰ্ন কৰা হয়৷

    • Share this:
    এইবাৰ অসম বিধানসভাৰ সকলো সদস্যৰ ছায়া চিত্ৰ তামোলৰ ঢকুৱাত এমাহৰ ভিতৰত আঁকি উলিয়ালে শিৱসাগৰৰ যুৱতী নিমিশা কাকতিয়ে ৷ অধ্যক্ষ, মুখ্যমন্ত্ৰী, উপাধ্যক্ষ, মন্ত্ৰী আৰু বিধায়কসকলৰ ছায়া চিত্ৰসমূহ সোমবাৰে বিধানসভা সচিবালয়ৰ অস্থায়ী চাহমেল কক্ষত প্ৰদশৰ্ন কৰা হয় ৷

    অসম বিধানসভাৰ সচিবালয়ৰ অস্থায়ী চাহমেল কক্ষত আছে তিনিখন অস্থায়ী ৱাল ৷ তিনিখন অস্থায়ী ৱালত উলমাই দিয়া হ'ল অসম বিধানসভাৰ সকলো সদস্যৰ ছায়া চিত্ৰ ৷ ছায়া চিত্ৰত উলমিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, উপাধ্যক্ষ ডা° নোমল মমিন আৰু মন্ত্ৰীসকল ৷ সমান্তৰালকৈ উলমিল বিধায়কসকলৰ ছায়া চিত্ৰ ৷

    তামোলৰ ঢকোৱাত ছায়া চিত্ৰসমূহ আঁকি উলিয়াইছে শিৱসাগৰৰ যুৱতী নিমিষা কাকতিয়ে ৷ ছায়া চিত্ৰসমূহ সোমবাৰে প্ৰদশৰ্ন কৰা হ'ল বিধানসভা সচিবালয়ৰ অস্থায়ী চাহমেল কক্ষত ৷ বিধায়কসকলে চালে নিজৰ ছায়া চিত্ৰসমূহ ৷

    এমাহ দিন অংকন কৰি ১২৬ জন বিধায়কৰ এই ছায়া চিত্ৰসমূহ আঁকি উলিয়ালে নিমিষা কাকতিয়ে ৷ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ আহ্বান ক্ৰমে এই ছায়া চিত্ৰসমূহ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কালত প্ৰদশৰ্ন কৰা হয় ৷
    Published by:Himangshu Bhuyan
    First published: