• Home
  • »
  • News
  • »
  • assam
  • »
  • শিৱসাগৰত ২ মে' ত ৰাষ্ট্ৰীয় পৰ্যায়ত যোগাভ্যাস অনুষ্ঠান, যোগ অনুশীলন কৰিব ৫ সহস্ৰাধিক ব্যক্তিয়ে ...

শিৱসাগৰত ২ মে' ত ৰাষ্ট্ৰীয় পৰ্যায়ত যোগাভ্যাস অনুষ্ঠান, যোগ অনুশীলন কৰিব ৫ সহস্ৰাধিক ব্যক্তিয়ে ...

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাঙ্গণ আৰু ইয়াৰ সমীপত অহা ২ মে'ত  অনুষ্ঠিত হ’ব যোগাভ্যাস অনুষ্ঠান। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীসহ পাঁচ সহস্ৰাধিকে অংশগ্ৰহণ কৰিব।

  • Share this:
শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাঙ্গণ আৰু ইয়াৰ সমীপত অহা ২ মে'ত  অনুষ্ঠিত হ’ব যোগাভ্যাস অনুষ্ঠান।  যোগাভ্যাস কাৰ্য্যসূচী সন্দৰ্ভত আজি উপায়ুক্ত মেঘ নিধি দাহালে এখনি সংবাদমেল সম্বোধন কৰে ।

সংবাদসেৱীসকলক তেখেতে জানিবলৈ দিয়ে যে, আন্তৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ে আয়োজন কৰা ১০০ দিনীয়া যোগাভ্যাস কাৰ্যসূচীৰ ৫০তম দিনটো শিৱসাগৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে । এই যোগাভ্যাস কাৰ্যসূচী এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচী আৰু এই কাৰ্যসূচী ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ অধীনত আৰু  জিলা প্ৰশাসনৰ পূৰ্ণ সহযোগত অনুষ্ঠিত হ’ব । কাৰ্যসূচীত প্ৰায় ৫০০০ গৰাকী ব্যক্তিয়ে যোগ অনুশীলন কৰিব । শিৱ দৌল প্ৰাঙ্গণত ৫০০ গৰাকী লোকে আৰু বাকী লোক সকলৰ বাবে শিৱদৌলৰ দাঁতিকাষৰীয়া পথ সমূহত এই কাৰ্যসূচী ৰূপায়ন কৰিবৰ বাবে ব্যৱস্থা কৰা হৈছে । ইয়াৰোপৰি জিলাখনৰ পৌৰাণিক কীৰ্ত্তিচিহ্ন ৰংঘৰ, তলাতল ঘৰ, জয়দৌল, ৰূদ্ৰসাগৰ শিৱদৌল, থাওৰাদৌল আৰু কাৰেংঘৰটো এই কাৰ্যসূচী ৰূপায়নৰ ব্যৱস্থা কৰা হৈছে । ২ মে’ তাৰিখে পুৱা ৭ বজাৰ পৰা এই কাৰ্যসূচী আৰম্ভ হ’ব । কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলৰ বাবে যাতায়তৰ ব্যৱস্থা কৰা হৈছে । শিৱসাগৰ জিলাৰ দাঁতিকাষৰীয়া জিলা সমূহৰ  যোগ অনুশীলনকাৰী সকলেও উক্ত দিনাৰ যোগ অনুশীলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ।
Published by:Kokil Sarma
First published: