உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিজেপি চৰকাৰৰ মিছন আছে, ভিজন নাই! ক’লে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে

    বিজেপি চৰকাৰৰ মিছন আছে, ভিজন নাই! ক’লে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে

    কোৰোণা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত অসম চৰকাৰৰ ভূমিকা শূন্য বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়, ৰাজ্যত নাই ভেকচিন নাই পৰ্যাপ্ত আন্তগাঁথনি৷

    কোৰোণা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত অসম চৰকাৰৰ ভূমিকা শূন্য বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়, ৰাজ্যত নাই ভেকচিন নাই পৰ্যাপ্ত আন্তগাঁথনি৷

    কোৰোণা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত অসম চৰকাৰৰ ভূমিকা শূন্য বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়, ৰাজ্যত নাই ভেকচিন নাই পৰ্যাপ্ত আন্তগাঁথনি৷

    • Share this:
    কোৰোণা, বৃহৎ নদী বান্ধ, নিবনুৱা সংস্থাপন আৰু সৰ্বশ্ৰেষ্ঠ অসম গঢ়া, এই চাৰি বিষয়ক লৈ অচিৰেই অনুষ্ঠিত হওক অসম বিধানসভাৰ বিশেষ অধিৱেশন৷ এই দাবী শিৱসাগৰৰ নৱনিৰ্বাচিত বিধায়ক অখিল গগৈৰ৷ আইনী মেৰপেঁচৰ বাবে ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্কত বিধানসভাত অংশ ল’ব নোৱাৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷ সেয়ে কাৰাগাৰৰ পৰা অখিল গগৈৰ পত্ৰ সংবাদ মাধ্যমলৈ৷

    ৰাজ্যপালৰ ভাষণক সমালোচনা কৰি গগৈৰ দাবী, বিজেপিৰ মিছন আছে ভিজন নাই৷ বানমুক্ত অসম গঢ়াৰ সংকল্প লোৱা বিজেপিৰ বহল আলোচনাৰ প্ৰয়োজন৷ ইপিনে ৰাজ্যত কোভিড–১৯ৰ সংক্ৰমণ ৰোধত ৰাজ্য চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ বুলি দাবী শিৱসাগৰৰ বিধায়কগৰাকীৰ৷ কোৰোণা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত অসম চৰকাৰৰ ভূমিকা শূন্য বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়, ৰাজ্যত নাই ভেকচিন নাই পৰ্যাপ্ত আন্তগাঁথনি৷

    আনহাতে, শিৱসাগৰক অসম চৰকাৰে 'ঐতিহ্য নগৰী' আৰু 'পৰ্যটন নগৰ' ৰূপে ঘোষণা কৰাৰ আহ্বান চৰকাৰক৷ শিৱসাগৰ প্ৰকৃততে দেশৰ 'আইকনিক ছাইট'ত পৰিণত কৰাৰ পৰামৰ্শ গগৈৰ৷

    ইফালে, ৰাজ্যপালৰ ভাষণত অসমৰ সৰ্ব উন্নয়নৰ কথা কোৱা চৰকাৰৰখনৰ দিনত অসমত প্ৰসূতি মৃত্যু দেশৰ ভিতৰত প্ৰথম বুলি উল্লেখ কৰে অখিল গগৈয়ে ৷ শিশুৰ মৃত্যুৰ ক্ষেত্ৰত দেশৰ ভিতৰতে তৃতীয় স্থান অসমৰ৷ এইবোৰ কাৰকৰ বাবে সৰ্বশ্ৰেষ্ঠ অসম গঢ়াৰ সপোন এতিয়া বহু দূৰত বুলি দাবী অখিল গগৈৰ৷ বিপৰীতে বিজেপিক উত্তম অসম সজোৱাৰ সপোন দেখিবলৈ আহ্বান বিধায়কগৰাকীৰ৷
    Published by:Sanjay Kumar Das
    First published: