• Home
  • »
  • News
  • »
  • assam
  • »
  • বিধায়কৰ ডিজিটেল কাৰ্ড ল’লে অখিল গগৈয়ে, বাজেট অধিৱেশনলৈ সাজু শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ

বিধায়কৰ ডিজিটেল কাৰ্ড ল’লে অখিল গগৈয়ে, বাজেট অধিৱেশনলৈ সাজু শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ

এইবাৰৰ অধিৱেশনত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ ওপৰত।

এইবাৰৰ অধিৱেশনত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ ওপৰত।

এইবাৰৰ অধিৱেশনত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ ওপৰত।

  • Share this:
১২ জুলাইৰ পৰা ১৩ আগষ্টলৈ পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশন। এই বাজেট অধিৱেশনৰ বাবে অন্যান্য বিধায়কসকলৰ দৰে সম্পূৰ্ণৰূপে সাজু হৈছে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ। বিধায়ক অখিল গগৈয়ে ইতিমধ্যে গ্ৰহণ কৰিছে তেওঁৰ ডিজিটেল কাৰ্ড।

উল্লেখযোগ্য যে অসম বিধানসভা সচিবালয়ে প্ৰথমবাৰলৈ এইবাৰৰ অধিৱেশনত বিধায়কসকলক ডিজিটেল কাৰ্ড প্ৰদান কৰিছে। অসম বিধানসভাৰ ভিতৰৰ সদনত প্ৰৱেশ কৰিবলৈ এই ডিজিটেল কাৰ্ড বাধ্যতামূলক। এনেধৰণেৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধান সভাৰ অধিবেশনৰ সময়ত নতুনত্ব আনিবলৈ চেষ্টা কৰিছে। সিমানেই নহয় বাজেট অধিবেশনৰ বাবে ন কইনাৰ ৰূপত সজাই পৰাই তুলিছে অসম বিধান সভা প্ৰকল্প। এই বিধানসভা প্ৰকল্পতেই ১২ জুলাইৰ পৰা ১৩ আগষ্টলৈ চলিব পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশন।

এইবাৰৰ অধিৱেশনত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ ওপৰত। অধিৱেশনৰ প্ৰথম দিনা ৰাজ্যপালৰ ভাষণ বিতৰ্কত বা বাজেট বিতৰ্কত বিধায়ক অখিল গগৈয়ে তেওঁৰ ব্যক্তব্য ৰাখিবলৈ কিমান সময় পাব। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে যদি কৈছে, পাঁচ মিনিট পাব, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আকৌ কৈছে দুই মিনিট পাব। মুঠৰ ওপৰত বিধায়ক অখিল গগৈয়ে সদনত কিমান সময় বক্তব্য দিবলৈ পাব তাকে লৈ এতিয়া বিভিন্ন মহলত চৰ্চা চলি আছে।

তাৰ মাজতে অখিল গগৈয়েও শনিবাৰে দাবী তুলিলে যে বাজেটখন যিহেতু শাসক পক্ষই প্ৰস্তুত কৰিব সেয়ে বাজেট বিতৰ্কত শাসকীয় বিধায়কৰ তুলনাত ভুল–ত্ৰুটিবোৰ আঙুলিয়াই দিবলৈ বিৰোধী বিধায়কক বেছি সময় দিয়া উচিত।

আনহাতে, দুদিন পূৰ্বে সৰভোগত মুখ্যমন্ত্ৰীয়ে বিধায়কৰ ক্ষমতা সম্পৰ্কত কৰা মন্তব্য আৰু অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত শ্যামা প্ৰসাদ মুখাৰ্জীৰ অৱদান সম্পৰ্কতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে। মুখ্যমন্ত্ৰীয়ে অসমৰ ইতিহাস বিকৃত কৰিছে বুলি কোৱা অখিল গগৈয়ে প্ৰয়োজনত বিধানসভাতে এই সম্পৰ্কত এক আলোচনাও বিচাৰিলে।
Published by:Sanjay Kumar Das
First published: