আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ চতুৰ্থটো দিন। অধিৱেশনৰ চতুৰ্থটো দিনত হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম, ভূমি সংৰক্ষণ, বড়োলেণ্ড কল্যাণ, ভৈয়াম জনজাতি তথা অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ কল্যাণ শিক্ষা, ভৈয়াম জনজাতি তথা অন্যান্য পিছপৰা শ্ৰেণী সমূহৰ কল্যাণ পৰিবহন, উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান, দক্ষতা নিয়োগ আৰু উদ্যমিতা, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ ওপৰত আলোচনা হ’ব।
ইফালে, আজিও বিশেষ টি–ছাৰ্ট পিন্ধি বিধানসভাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। APSCৰ পৰা অসমীয়া ভাষা আঁতৰোৱাৰ প্ৰতিবাদত অখিল গগৈয়ে বিধানসভাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। ‘‘APSCত অসমীয়া ভাষা শেষ?’’, "ভাষা নাথাকিলে জাতি নাথাকে" লিখা থকা টি–ছাৰ্ট পিন্ধি প্ৰতিবাদ কৰে বিধায়কগৰাকীয়ে।
সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়, ‘‘APSCৰ পৰা অসমীয়া ভাষা আঁতৰাব নোৱাৰিব, APSCত থাকিবই লাগিব অসমীয়া ভাষা।’’ উচ্চ ন্যায়ালয়ত স্থগিতাদেশ জাৰি কৰা দুয়োগৰাকী অধিবক্তাক অভিনন্দন জনায় অখিল গগৈয়ে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক সমালোচনা কৰি শিৱসাগৰৰ বিধায়কগৰাকীয়ে কয়, ‘‘হিমন্ত বিশ্ব শৰ্মাই নিশা সপোন দেখি পুৱা আইন আনে। প্ৰতিশোধ পৰায়ণ নীতিৰে আইন আনে হিমন্ত বিশ্ব শৰ্মাই। আমি তীব্ৰ বিৰোধিতা কৰিম। নাগপুৰ-দিল্লীৰ আঙুলিত নছা কোনো আইন আমি নামানো।’’
আনহাতে, দ্য আছাম পুলিচ সংশোধনী বিধেয়ক এক হঠকাৰী সিদ্ধান্ত বুলি মন্তব্য কৰে অখিল গগৈয়ে। ৰাজ্যত সংঘটিত এনকাউণ্টাৰৰ ঘটনাবোৰ লুকুৱাবলৈ এই বিধেয়ক বুলি কয় বিধায়কজনে। যাতে এই আইনৰ সুৰুঙাৰে দোষী আৰক্ষী সাৰি যাব পাৰে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|