உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Akhil Gogoi : ‘১ লাখ চাকৰি ক’ত? কেতিয়া?’ – বিধানসভাৰ বাহিৰত অখিল গগৈৰ প্ৰতিবাদ, ক’লে – চাকৰি নিদিলে শান্তিত থাকিবলৈ নিদিম

    Akhil Gogoi : ‘১ লাখ চাকৰি ক’ত? কেতিয়া?’ – বিধানসভাৰ বাহিৰত অখিল গগৈৰ প্ৰতিবাদ, ক’লে – চাকৰি নিদিলে শান্তিত থাকিবলৈ নিদিম

    আজি ১ লাখ নিবনুৱাৰ সংস্থাপনক লৈ প্ৰশ্ন উত্থাপন কৰি বিধানসভাৰ বাহিৰত প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰে অখিল গগৈয়ে। বিধায়কগৰাকীৰ টি–ছাৰ্টত চৰকাৰৰ প্ৰতি প্ৰশ্ন – ‘‘১ লাখ চাকৰি ক’ত? কেতিয়া?’’

    আজি ১ লাখ নিবনুৱাৰ সংস্থাপনক লৈ প্ৰশ্ন উত্থাপন কৰি বিধানসভাৰ বাহিৰত প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰে অখিল গগৈয়ে। বিধায়কগৰাকীৰ টি–ছাৰ্টত চৰকাৰৰ প্ৰতি প্ৰশ্ন – ‘‘১ লাখ চাকৰি ক’ত? কেতিয়া?’’

    আজি ১ লাখ নিবনুৱাৰ সংস্থাপনক লৈ প্ৰশ্ন উত্থাপন কৰি বিধানসভাৰ বাহিৰত প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰে অখিল গগৈয়ে। বিধায়কগৰাকীৰ টি–ছাৰ্টত চৰকাৰৰ প্ৰতি প্ৰশ্ন – ‘‘১ লাখ চাকৰি ক’ত? কেতিয়া?’’

    • Share this:
    নিয়োগ মেলাক লৈ বিধানসভাৰ বাহিৰত অখিল গগৈৰ প্ৰতীকী প্ৰতিবাদ। আজিও বিশেষ টি–ছাৰ্ট পিন্ধি শিৱসাগৰৰ বিধায়কগৰাকীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। উল্লেখযোগ্য যে বৃহস্পতিবাৰেও APSCৰ পৰা অসমীয়া ভাষা আঁতৰোৱাৰ প্ৰতিবাদত অখিল গগৈয়ে বিধানসভাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল। ‘‘APSCত অসমীয়া ভাষা শেষ?’’, "ভাষা নাথাকিলে জাতি নাথাকে" লিখা থকা টি–ছাৰ্ট পিন্ধি প্ৰতিবাদ কৰে বিধায়কগৰাকীয়ে।

    অৱশ্যে আজিৰ অখিল গগৈৰ প্ৰতিবাদৰ বিষয় পৃথক। আজি ১ লাখ নিবনুৱাৰ সংস্থাপনক লৈ প্ৰশ্ন উত্থাপন কৰি বিধানসভাৰ বাহিৰত প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰে অখিল গগৈয়ে। বিধায়কগৰাকীৰ টি–ছাৰ্টত চৰকাৰৰ প্ৰতি প্ৰশ্ন – ‘‘১ লাখ চাকৰি ক’ত? কেতিয়া?’’

    উল্লেখযোগ্য যে অখিল গগৈৰ এই প্ৰতিবাদে বিধানসভাৰ শীতকালীন অধিৱেশনৰ সময়ত সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে। বাহিৰতে নহয় বিধানসভাৰ ভিতৰভাগো গৰম কৰি ৰাখিলে অখিল গগৈয়ে। বৃহস্পতিবাৰে সদন চলি থকাৰ সময়ত মুখ্যমন্ত্ৰীকো বিভিন্ন বিষয়ত প্ৰশ্ন কৰা দেখা যায় অখিল গগৈক।

    আজি বিধানসভাৰ বাহিৰত অখিল গগৈয়ে কয়, ‘‘মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি পূৰণ কৰক। পদ খালী আছে কিন্তু বিত্ত বিভাগে অনুমোদন দিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে ১০ লাখক কৰ্মসংস্থাপন দিয়াৰ কথা কৈছিল। কিন্তু যোৱাকালি নিযোগ মেলাত কি হ’ল সকলোৱে দেখিলে। কালিৰ জব মেলাত কিমান পদ আছিল ৰাজহুৱা কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাই চাৰ্টাৰ্ড ফ্লাইটত ঘূৰিলে নহ’ব। ১ লাখ নিবনুৱাক সংস্থাপন নিদিলে শান্তিত থাকিব দিয়া নহ’ব চৰকাৰক।’’

    মুখ্যমন্ত্ৰীক তীক্ষ্ণ সমালোচনা কৰি অখিল গগৈয়ে কয়, ‘‘অসম বিধানসভাৰ এইবাৰ আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় হ’ল মুখ্যমন্ত্ৰীয়ে বিধানসভাত মিছা কথা কয়। ৯৩ হাজাৰ কোটি টকা ঋণৰ বোজা চৰকাৰৰ, বিপৰীতে মুখ্যমন্ত্ৰীয়ে ৮২ হাজাৰ কোটি টকা ধাৰৰ কথা কয়। মুখ্যমন্ত্ৰীয়ে ২ ঘণ্টা কথা কয়, মই দুই মিনিট। সমান সমান কথা ক’ব দিয়ক, সকলো স্পষ্ট হ’ব।’’

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: