உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Akhil Gogoi : পুনৰ টোল গে’ট বন্ধ কৰাৰ দাবী অখিল গগৈৰ, ক’লে – কেইদিনৰ পিছত ৰাইজেই ওলাই আহি টোল গেট ভাঙিব

    Akhil Gogoi : পুনৰ টোল গে’ট বন্ধ কৰাৰ দাবী অখিল গগৈৰ, ক’লে – কেইদিনৰ পিছত ৰাইজেই ওলাই আহি টোল গেট ভাঙিব

    চৰকাৰে কোভিডসৃষ্ট পৰিৱেশত মানুহক সহায় কৰাৰ কোনো আঁচনি বর্তমান নাই বুলি মন্তব্য কৰি শিৱসাগৰৰ বিধায়কগৰাকীয়ে কয় যে চৰকাৰৰ বৰ্তমান দেউলীয়া অৱস্থা। 

    চৰকাৰে কোভিডসৃষ্ট পৰিৱেশত মানুহক সহায় কৰাৰ কোনো আঁচনি বর্তমান নাই বুলি মন্তব্য কৰি শিৱসাগৰৰ বিধায়কগৰাকীয়ে কয় যে চৰকাৰৰ বৰ্তমান দেউলীয়া অৱস্থা। 

    চৰকাৰে কোভিডসৃষ্ট পৰিৱেশত মানুহক সহায় কৰাৰ কোনো আঁচনি বর্তমান নাই বুলি মন্তব্য কৰি শিৱসাগৰৰ বিধায়কগৰাকীয়ে কয় যে চৰকাৰৰ বৰ্তমান দেউলীয়া অৱস্থা। 

    • Share this:
    ভোগালী বিহুত কোভিড বিধিৰ সময় সলনিৰ বাবে চৰকাৰক ধন্যবাদ জনালে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। সকলোকে কোভিড বিধি পালন কৰি বিহু উদযাপন কৰিবলৈ আহ্বান বিধায়কজনৰ।

    কোভিডক লৈ অখিল গগৈয়ে কয়, ‘‘অসমত কোভিডৰ সংক্ৰমণ বৃদ্ধিৰ বাবে চৰকাৰেই দায়ী। মুখ্যমন্ত্ৰীৰ কথাই এতিয়া আইন। কোভিড বিধি প্ৰণয়ৰ বাবে বিশেষজ্ঞ কমিটীৰ প্ৰয়োজন। মুখ্যমন্ত্ৰী য়ে সকলো বিষয়তে মাত মাতে। মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে কয়, কোভিড SOP সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে মন্তব্য দিয়ে।’’

    অসমীয়াৰ উৎসৱক লৈ কাকো খেলা নকৰিবলৈ আহ্বান অখিল গগৈৰ। চৰকাৰে কোভিডসৃষ্ট পৰিৱেশত মানুহক সহায় কৰাৰ কোনো আঁচনি বর্তমান নাই বুলি মন্তব্য কৰি শিৱসাগৰৰ বিধায়কগৰাকীয়ে কয় যে চৰকাৰৰ বৰ্তমান দেউলীয়া অৱস্থা।

    ইফালে, লাভলীনা বৰগোহাঁইক লৈ অখিল গগৈয়ে কয়, ‘‘লাভলীনা অসমৰ বাবে গৌৰৱ, আবেগ। লাভলীনাই ফেশ্বনত অংশগ্ৰহণ, বঁটা- বাহন, সম্বৰ্ধনা লৈ নুফুৰিলে ভাল হ’ব বুলি ভাবো। হিমা দাসৰ ক্ষেত্ৰতো একেই হৈছিল। লাভলীনাক সমষ্টিত ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰিছে চৰকাৰে। লাভলীনাই আকাশ চুৱক, অলিম্পিকত মেডেল লাভ কৰক। লাভলীনাক যাতে চৰকাৰে ধ্বংস নকৰে তাৰ বাবে আহ্বান জনাইছো।’’

    ইফালে চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি মে' মাহৰ ভিতৰত ৰাজ্যৰ ১ লাখ শিক্ষিত নিবনুৱালৈ চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ আহ্বান জনালে অখিল গগৈয়ে। অন্যথা ৰাজ্য চৰকাৰ তীব্ৰ আন্দোলনৰ সন্মুখীন হ'ব লাগিব বুলি সাৱধান কৰি দিয়ে শিৱসাগৰৰ বিধায়কজনে।

    গগৈয়ে লগতে কয় ,'মোক জেলত ৰাখি বিজেপি চৰকাৰে টোল গেট খুলিছে। টোল গেটসমূহ বন্ধ কৰিবলৈ আহ্বান জনাইছো চৰকাৰক। অন্য ৰাজ্যত টোল গেট বন্ধ কৰিব আৰম্ভ কৰিছে আৰু আমাৰ তাত খুলিছে। আৰু কেইদিনৰ পিছত ৰাইজেই ৰাজপথত ওলাই আহি টোল গেট ভাঙিব। টোল গেট বন্ধ কৰাৰ দায়িত্ব কেৱল অখিল গগৈৰে নহয় ইয়াত সকলোৰে সহযোগিতাৰ প্ৰয়োজন।'
    Published by:Sanjay Kumar Das
    First published: