যোৰহাটলৈ বুলি ৰাওনা হটল অখিল গগৈ
যোৰহাটলৈ বুলি ৰাওনা হটল অখিল গগৈ
প্ৰায় ডেৰ বছৰৰ মূৰত দুদিনৰ বাবে কিছু মুকলিৰ জীৱন অতিবাহিত কৰিবলৈ সুবিধা পাইছে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। অসুস্থ মাতৃ আৰু পুত্ৰক সাক্ষাত্ কৰিবলৈ দুদিনৰ বাবে অখিল গগৈক ঘৰলৈ যাবলৈ দিছে NIA আদালতে।
শুকুৰবাৰে নিশা গুৱাহাটীৰ নিজৰাপাৰস্থিৰ নিজা বাসগৃহত উপস্থিত হ'ল অখিল গগৈ। দীৰ্ঘদিনৰ পিছত পত্নী আৰু পুত্ৰক লগপাই আবেগিক হৈ পৰে অখিল গগৈ। নিশাটো গুৱাহাটীৰ ঘৰতে কটাই আজি পুৱা অখিল গগৈ মাতৃক সাক্ষাতৰ বাবে যোৰহাটলৈ ৰাওনা হৈছে। যাত্ৰা পথত অখিল গগৈক বিপুল আদৰণি জনাইছে কৃষকমুক্তি আৰু ৰাইজৰ দলৰ সদস্যসকলে।
ইফালে যোৰহাটলৈ যোৱাৰ সময়ত সাংবাদিকৰ আগত অখিল গগৈয়ে কয় যে, 'পুত্ৰৰ মানসিক অৱস্থা ঠিক নাছিল। নিশাটো ল'ৰাটোৰ লগতে কটালো। আৰক্ষীৰ সৈতে যাবলগীয়া হোৱাত তাক যোৰহাটলৈ লগত লৈ যাব নোৱাৰিলো। এতিয়া দেখি অহাটোৱেই শেষ দেখা হ'ল।'
অখিল গগৈয়ে ঘৰৰ এক ভাল খবৰ শ্বেয়াৰ কৰি সাংবাদিকসকলক কয় যে, 'এনে দুৰ্যোগ চলি থকাৰ মাজতো পত্নী গীতাশ্ৰী তামূলীয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। আমাৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। ঘৰলৈ আহিবলৈ সুবিধা পায়ো বৰ ভাল লাগিছে।'
আনহাতে অখিল গগৈয়ে কোৰোণাৰ এনে ভয়াৱহ সময়ত সকলোকে সজাগ সচেতন হৈ থাকিবলৈ আহ্বান জনাৱোৰ লগতে সকলোকে অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে আন্তৰিকতাৰে কাম কৰিবলৈ আহ্বান জনায়। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে, ' এতিয়া সকলোৰে অৰ্থনৈতিক অৱস্থা বেয়া। অসম পুনৰ গঠনৰ বাবে আন্তৰিকতাৰে সকলোৱে কাম কৰিব লাগিব। লকডাউনে ক্ষতি কৰা প্ৰতিটো পৰিয়ালক তিনিমাহ বা ছমাহৰ বাবে ক্ষতিপূৰণ দিব লাগিব।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|