নতুন ৰূপত দেশী–বিদেশী পৰ্যটকৰ বাবে সজাই পৰাই তোলা হৈছে কাজিৰঙাৰ অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যান।
নতুন ৰূপত দেশী–বিদেশী পৰ্যটকৰ বাবে সজাই পৰাই তোলা হৈছে কাজিৰঙাৰ অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যান।
‘‘বিজেপি-RSSৰ চৰকাৰে নামঘৰীয়া, মন্দিৰৰ পূজাৰীক ক্ষতি পূৰণৰ কথা কৈছে যদিও পৰ্যটন উদ্যোগৰ লগত জড়িতসকলৰ বাবে চৰকাৰে ক্ষতিপূৰণৰ ব্যৱস্থা কৰা নাই। ফলত ২০ বছৰ পিছুৱাই যাব ৰাজ্যৰ পৰ্যটন উদ্যোগ।" – কাজিৰঙাত এই মন্তব্য কৰে শিৱসাগৰৰ বিধায়ক তথা কাজিৰঙা অৰ্কিড উদ্যানৰ গুৰিধৰোতা অখিল গগৈয়ে।
যিসকল উদ্যোগীয়ে চৰকাৰক ৰাজহ সংগ্ৰহ কৰাত সহায় কৰিছে সেইসকল উদ্যোগী কোভিডৰ ফলত যোৱা দুটা বছৰত ধ্বংস হৈ গৈছে ,বহুতে আত্মহত্যা পৰ্যন্ত কৰিছে। সেইসকলৰ কাৰণে কিন্তু চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি কয় বিধায়কগৰাকীয়ে। এইক্ষেত্ৰত চৰকাৰক বিশেষ আঁচনি অথবা ক্ষতিপূৰণৰ ব্যৱস্থাৰ দাবী জনায় অখিল গগৈয়ে।
ইপিনে নতুন ৰূপত দেশী–বিদেশী পৰ্যটকৰ বাবে সজাই পৰাই তোলা হৈছে কাজিৰঙাৰ অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যান। ১ ছেপ্টেম্বৰৰ পৰা মুকলি হোৱাৰ পিছত এতিয়া উদ্যানখনলৈ আগমন ঘটিছে পৰ্যটকৰ। দেশী–বিদেশী পৰ্যটকৰ বাবে অহা ১ নবেম্বৰৰ পৰা উদ্যানখনৰ বাঁহ উদ্যানখনত থকা খোৱাৰ অৰ্থাৎ কেম্পিঙৰ ব্যৱস্থা কৰা হ’ব বুলি কয় অখিল গগৈয়ে। লগতে মাজুলীৰ বিশেষজ্ঞৰে সত্ৰীয় নৃত্য প্ৰদৰ্শ কৰা হৈছে। আনহাতে, অৰ্কিড উদ্যানত পৰ্যটকৰ বাবে নাওখেলৰ ব্যৱস্থা কৰাৰ উপৰিও এখন নতুন উদ্যান পৰ্যটকৰ বাবে মুকলি কৰা হৈছে বুলি কয় অখিল গগৈয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|