অসম চৰকাৰ এতিয়া দেউলীয়া, লাওলোৱা অৱস্থা চৰকাৰৰ। আজি বিধানসভাৰ বাহিৰত এই মন্তব্য কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে (Akhil Gogoi)। বিধানসভাৰ অধিৱেশনৰ পূৰ্বে অখিল গগৈয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কয়, ‘‘এই চৰকাৰৰ দিনত সকলো অধঃপতনে গৈছে। কেন্দ্ৰৰ পৰা টকা আনিবলৈ সক্ষম নহয় এই চৰকাৰ। এনেকৈ হ'লে এবছৰৰ পিছত চৰকাৰী কৰ্মচাৰীক দৰমহা দিব নোৱাৰা হ'ব।’’
অসমত নৈৰাজ্যবাদ চলিছে বুলি মন্তব্য কৰি অখিল গগৈয়ে আৰু কয় যে চৰকাৰ এতিয়া ধৰুৱা। যি আছে সেয়া হেলিকপ্টাৰত ঘূৰি শেষ কৰিব মুখ্যমন্ত্ৰীয়ে (Himanta Biswa Sarma)। বিধায়ক পুঁজি পাব লগা মতে দিয়া নাই। ১ কোটি পাব লাগে ৫৫ লাখহে দিছে। নভবা–নিচিন্তাকৈ এইখন চৰকাৰে বিল আনে। হিমন্ত বিশ্ব শৰ্মাই যি বিল আনে সকলো গণ্ডগোল।
অখিল গগৈয়ে কয়, ‘‘এইবাৰ গৰম হ’ব বিধানসভা। ভূমি কেলেংকাৰীক লৈ সকলোৱে মাত মাতিব।’’ কয়লা ছিণ্ডিকেট সন্দৰ্ভতো কটাক্ষ মুখ্যমন্ত্ৰীক। আনহাতে, উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈ ৩০০ কোটি টকা অসমে দিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে অখিল গগৈয়ে। বিধায়কগৰাকীয়ে কয়, কয়লা ছিণ্ডিকেটৰ টকাৰে অসমে উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈ টকা দিব।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|