অখিল গগৈয়ে কয়, মুঠতে ওপৰৰ দহটা সংকল্পৰ এটাও পূৰণ কৰিব নোৱাৰিলে। চৰকাৰ এই ক্ষেত্ৰত ১০০ শতাংশ ব্যৰ্থ। বাকী প্ৰতিশ্ৰুতিসমূহৰ কথা নকওঁৱেই।
অখিল গগৈয়ে কয়, মুঠতে ওপৰৰ দহটা সংকল্পৰ এটাও পূৰণ কৰিব নোৱাৰিলে। চৰকাৰ এই ক্ষেত্ৰত ১০০ শতাংশ ব্যৰ্থ। বাকী প্ৰতিশ্ৰুতিসমূহৰ কথা নকওঁৱেই।
‘‘২০২১ চনৰ অসম বিধান সভাৰ নিৰ্বাচনত বিজেপিয়ে মূল দহটা সংকল্প ঘোষণা কৰিছিল। চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তিত কেৱল এই দহটা সংকল্পৰ কিমান অগ্ৰগতি হ’ল তাক পৰীক্ষা কৰিলেই চৰকাৰৰ সফলতাৰ স্বৰূপ ওলাই পৰে।’’ – এই মন্তব্য কৰি ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণ বিজেপি চৰকাৰৰ ১০ বিফলতা প্ৰকাশ কৰিলে বিধায়ক অখিল গগৈয়ে।
(১) বানমুক্ত অসম : “মিছন ব্ৰহ্মপুত্ৰ”ৰ জৰিয়তে ধুবুৰীৰ পৰা শদিয়ালৈ ব্ৰহ্মপুত্ৰ খনন আৰু বৃহৎ বৃহৎ ৰিজাৰ্ভাৰ বন্ধাই অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতিটোৰ প্ৰথম পদক্ষেপো গ্ৰহণ কৰা নহ’ল৷
(২) অৰুণোদয় আঁচনিৰ ধন ৩,০০০ টকালৈ বৃদ্ধি : অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ৩০ লাখলৈ বৃদ্ধি কৰা আৰু ধনৰ পৰিমাণ ৩,০০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি আজিলৈ পূৰণ নহ’ল৷ বৰ্তমান ১৯ লাখ হিতাধিকাৰী আছে আৰু ধনৰ পৰিমাণ ১০০০ টকা।
(৩) নামঘৰ আৰু সত্ৰক শক্তিশালী কৰা : অসমৰ সকলো নামঘৰলৈ ২.৫ লাখ টকাকৈ সাহায্য প্ৰদানৰ আঁচনি এতিয়ালৈকে পূৰণ নহ’ল৷ একেদৰে সকলো সত্ৰ বেদখলমুক্ত কৰাৰ প্ৰতিশ্ৰুতিও পূৰণ নহ’ল৷
(৪) অসমৰ শিশুসকলৰবাবে উজ্জ্বল ভৱিষ্যত : ‘মিছন শিশু উন্নয়ন’ নামৰ কোনো আঁচনিয়ে আৰম্ভ নহ’ল৷ সকলোৰে বাবে বিনামূলীয়া শিক্ষা আৰু অষ্টম শ্ৰেণীৰ পৰা সকলো ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদানৰ প্ৰতিশ্ৰুতিও পূৰণ নহ’ল৷
(৫) শুদ্ধ এনআৰচিৰ জৰিয়তে অসমৰ অধিকাৰ সুৰক্ষা : এনে কোনো উদ্যোগ গ্ৰহণ কৰা হোৱা নাই৷ চৰকাৰ ঘোষিত শুদ্ধ এনআৰচিও নহ’ল, অসমৰ সুৰক্ষাও নহ’ল।
(৬) সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ : অসমৰ বিধানসভা আৰু সংসদীয় সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্দ্ধাৰণৰ জৰিয়তে অসমবাসীৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি ধোঁৱা চাঙত উঠিল৷
(৭) অত্যাৱশ্যকীয় সামগ্ৰীৰ উৎপাদনত আত্মনিৰ্ভৰশীলতা : মাছ, মুৰ্গী, গাহৰি, গাখীৰ আৰু অন্যান্য উদ্যান শস্য উৎপাদনত অসমক আত্মনিৰ্ভৰশীল কৰিবৰ বাবে আজিলৈকে তেওঁলোকৰ ঘোষিত “অসম আহাৰ আত্মনিৰ্ভৰতা যোজনা” আৰম্ভই নহ’ল৷
(৮) দেশৰ ভিতৰত আটাইতকৈ ক্ষিপ্ৰতাৰে কৰ্মসংস্থাপন সৃষ্টি : ২ লাখ নিবনুৱাৰ নিযুক্তি প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈ থাকিল৷ ৩১ মাৰ্চ, ২০২২ তাৰিখৰ ভিতৰত গণি গণি ১ লাখ নিবনুৱাক নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দি এতিয়ালৈকে ১,১০০ নিবনুৱাকহে নিযুক্তি দিয়া বুলি ২০২২-২৩ বৰ্ষৰ অসম বাজেটত কোৱা হৈছে৷ নিযুক্তি প্ৰদানত চৰকাৰ এশ শতাংশ ব্যৰ্থ।
(৯) অসম ভাৰতৰ আটাইতকৈ উদ্যমী ৰাজ্য হ’ব : “স্বামী বিবেকানন্দ অসম য়ুথ এম্পলইমেণ্ট যোজনা”(SVAYEY) সৃষ্টি কৰি দহ লাখ যুৱকক উদ্যোগীৰূপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল৷ সেইটো আৰম্ভই নহ’ল৷ প্ৰতিবছৰে দুই লাখকৈ যুৱকক এই আঁচনিৰ জৰিয়তে সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও এজনো যুৱকক সাহায্য দিয়া হোৱা নাই৷
(১০) অসমৰ নাগৰিকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ জৰিয়তে শক্তিশালীকৰণ : সকলো ভাৰতীয় ভূমিহীন লোকক ভূমি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল৷ কিন্তু বসুন্ধৰা আঁচনিৰ জৰিয়তে কেইখনমান আৱণ্টন পত্ৰ দিয়াৰ বাহিৰে সামগ্ৰিকভাৱে একোৱে কৰা নহ’ল৷
অখিল গগৈয়ে কয়, মুঠতে ওপৰৰ দহটা সংকল্পৰ এটাও পূৰণ কৰিব নোৱাৰিলে। চৰকাৰ এই ক্ষেত্ৰত ১০০ শতাংশ ব্যৰ্থ। বাকী প্ৰতিশ্ৰুতিসমূহৰ কথা নকওঁৱেই। প্ৰধান প্ৰতিশ্ৰুতিকেইটাই পালন নহ’ল। বিপৰীতে যোৱা বছৰটোত অনেক নেতিবাচক কাম কৰা হ’ল। “বিকাশ পুৰুষ” দিনত উন্নয়ন শূন্য। সামগ্ৰিক হতাশাই জনতাক আগুৰি ধৰিছে। ৰাইজ এতিয়া ভয়ংকৰ অৰ্থনৈতিক সংকটত। যোৱা বছৰটোত চৰকাৰৰ একমাত্ৰ উপহাৰ হ’ল মূল্যবৃদ্ধি।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|