শিৱসাগৰ কালুগাঁৱৰ জতকীয়াত নিশা ONGC ৰ এটা GGSত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। জতকীয়াস্থিত ৪ নং মিনি জিজিএচত সংঘটিত হয় অগ্নিকাণ্ড।
শিৱসাগৰ কালুগাঁৱৰ জতকীয়াত নিশা ONGC ৰ এটা GGSত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। জতকীয়াস্থিত ৪ নং মিনি জিজিএচত সংঘটিত হয় অগ্নিকাণ্ড।
শিৱসাগৰ কালুগাঁৱৰ জতকীয়াত নিশা ONGC ৰ এটা GGSত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। জতকীয়াস্থিত ৪ নং মিনি জিজিএচত সংঘটিত হয় অগ্নিকাণ্ড। জিজিএচৰ কম্প্ৰেছৰত সূত্ৰপাত হয় অগ্নিকাণ্ড। কি কাৰণত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় নিশ্চিত কাৰণ জানিব পৰা হোৱা নাই যদিও যান্ত্ৰিক বিজুতিৰ ফলতে এনে হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে।
অগ্নিকাণ্ড সংঘটিত হোৱাৰ কম সময়তে সমগ্ৰ এলেকাটো ধোঁৱাই আৱৰি ধৰে। ফলত অঞ্চলটোৰ ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে বহু পৰিয়ালে ঘৰ এৰি নিৰাপদ ঠাইত আশ্ৰয় লয়। দুঘণ্টাৰ মূৰত অগ্নিনিৰ্বাপক বাহিনীৰ ৭-৮ খন বাহনে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱাত ৰক্ষা পৰে অঞ্চলটো । অ' এন জি চিৰ ভুলৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
ইপিনে অএনজিচিৰ নিৰাপত্তাৰক্ষীৰ অভব্য আচৰণৰ অভিযোগত নিশা উত্তপ্ত পৰিস্থিতিৰো উদ্ভৱ হয় ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|