• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam HS Results 2022: শিৱসাগৰত বাণিজ্য শাখাত প্ৰথম আগৰৱালাৰ পঞ্চম স্থান, বন্দনা বলদেৱাৰ সপ্তম স্থান লাভ ! কলা শাখাত গৌৰৱ কঢ়িয়ালে দেৱীস্তুতি হাজৰিকাই ...

Assam HS Results 2022: শিৱসাগৰত বাণিজ্য শাখাত প্ৰথম আগৰৱালাৰ পঞ্চম স্থান, বন্দনা বলদেৱাৰ সপ্তম স্থান লাভ ! কলা শাখাত গৌৰৱ কঢ়িয়ালে দেৱীস্তুতি হাজৰিকাই ...

শিৱসাগৰ জিলাত বিজ্ঞান শাখাত ৯৭.৮৩ শতাংশ, কলা শাখাত ৮৯.৭৭ শতাংশ আৰু বাণিজ্য শাখাত উৰ্ত্তীণ হাৰ ৯১.৭৪ শতাংশ 

শিৱসাগৰ জিলাত বিজ্ঞান শাখাত ৯৭.৮৩ শতাংশ, কলা শাখাত ৮৯.৭৭ শতাংশ আৰু বাণিজ্য শাখাত উৰ্ত্তীণ হাৰ ৯১.৭৪ শতাংশ 

শিৱসাগৰ জিলাত বিজ্ঞান শাখাত ৯৭.৮৩ শতাংশ, কলা শাখাত ৮৯.৭৭ শতাংশ আৰু বাণিজ্য শাখাত উৰ্ত্তীণ হাৰ ৯১.৭৪ শতাংশ 

  • Share this:
অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত শিৱসাগৰৰ দুগৰাকী পৰীক্ষাৰ্থীয়ে আৰু কলা শাখাত এগৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে।

কলা শাখাত শিৱসাগৰ শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী দেৱীস্তুতি হাজৰিকাই মুঠ ৪৭৩ নম্বৰ লাভ কৰি দশম স্থান অধিকাৰ কৰে। চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়খনৰ ছাত্ৰী গৰাকীয়ে অনাগত দিনত প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্যৰে অধ্যয়ন কৰিব বুলি সদৰি কৰিছে। আইদেউবাৰী হাইস্কুলৰ শিক্ষক পৰাণ জ্যোতি হাজৰিকা আৰু মালৱিকা হাজৰিকাৰ জেষ্ঠ্য কন্যা দেৱীস্তুতি হাজৰিকাৰ সাফল্যত আনন্দৰ জোৱাৰ উঠিছে জতকীয়া নাথ গাঁৱত। ইপিনে বাণিজ্য শাখাত শিৱসাগৰ ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ পথম আগৰৱালাই পঞ্চম স্থান আৰু বন্দনা বলদেৱাই সপ্তম স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে।  সুশীল কুমাৰ আগৰৱাল আৰু কবিতা আগৰৱালৰ পুত্ৰ প্ৰথম আগৰৱালাই লাভ কৰে মুঠ ৪৭২ নম্বৰ। আশকৰণ বলদেৱা আৰু সৰোজ দেৱী আগৰৱালাৰ কন্যা বন্দনা বলদেৱাই লাভ কৰে মুঠ ৪৬৬ নম্বৰ।

উল্লেখযোগ্য যে সামগ্ৰিকভাবে শিৱসাগৰ জিলাৰ ফলাফল সন্তোষজনক। শিৱসাগৰ জিলাত কলা শাখাত উত্তীৰ্ণ হাৰ ৮৯.৭৭ শতাংশ। জিলাখনত কলা শাখাত অৱৰ্তীণ হোৱা মুঠ ৪৬৪১ গৰাকী পৰীক্ষাৰ্থী ভিতৰত উৰ্ত্তীণ হয় ৪১৬৬ গৰাকী। ইয়াৰে ১১৬২ গৰাকীয়ে প্ৰথম বিভাগ, ১৬৬৫ গৰাকীয়ে দ্বিতীয় আৰু তৃতীয় বিভাগ লাভ কৰে ১৩৩৯ গৰাকীয়ে। বিজ্ঞান শাখাত শিৱসাগৰ জিলাৰ উত্তীৰ্ণ হাৰ ৯৭.৮৩ শতাংশ। শিৱসাগৰ জিলাত বিজ্ঞান শাখাত অৱৰ্তীণ হোৱা মুঠ ১১৫৩ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১১২৮ গৰাকী উত্তীৰ্ণ হয়। ইয়াৰে ৮৮৪ গৰাকীয়ে প্ৰথম বিভাগ, ২৩৫ গৰাকীয়ে দ্বিতীয় আৰু ৯ গৰাকী ছাত্ৰ ছাত্ৰী তৃতীয় বিভাগত উত্তীৰ্ণ হয় ।



বাণিজ্য শাখাত শিৱসাগৰ জিলাৰ উত্তীৰ্ণ হাৰ ৯১.৭৪ শতাংশ। শিৱসাগৰ জিলাত  বাণিজ্য শাখাৰ পৰীক্ষাত মুঠ ৩৩৯ গৰাকী ছাত্ৰ ছাত্ৰী অবৰ্তীণ হৈছিল। ইয়াৰে ৩১১ গৰাকী উৰ্ত্তীণ হয়। ১৪২ গৰাকীয়ে প্ৰথম বিভাগ, ১০১ গৰাকীয়ে দ্বিতীয় আৰু ৬৮ গৰাকীয়ে লাভ কৰে তৃতীয় বিভাগ। 
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি