ফুলৰ পাহিত মানুহৰ ভ্ৰুণ, ইণ্ডিয়ান বুক অব ৰেকৰ্ডছত শিৱসাগৰৰ জ্যোতিমালা

News18 Assam | News18-Assam
Updated:October 23, 2020, 10:19 AM IST
ফুলৰ পাহিত মানুহৰ ভ্ৰুণ, ইণ্ডিয়ান বুক অব ৰেকৰ্ডছত শিৱসাগৰৰ জ্যোতিমালা
প্ৰয়াত অনিল বাইলুং আৰু মিনতি বাইলুঙৰ কন্যা জ্যোতিমালাই নয়নতৰা ফুলৰ এটা পাহিত অংকন কৰিলে মানুহৰ ভ্ৰূণ।

প্ৰয়াত অনিল বাইলুং আৰু মিনতি বাইলুঙৰ কন্যা জ্যোতিমালাই নয়নতৰা ফুলৰ এটা পাহিত অংকন কৰিলে মানুহৰ ভ্ৰূণ।

  • Share this:
ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছত শিৱসাগৰৰ জ্যোতিমালা বাইলুং। নয়নতৰা ফুলৰ পাহিত মানুহৰ ভ্ৰূণ অংকন কৰি ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে শিৱসাগৰৰ ছাত্ৰীগৰাকীয়ে। শিৱসাগৰ নগৰৰ সমীপৰ অৰ্জুনগুৰিত ঘৰ জ্যোতিমালা বাইলুঙৰ।

প্ৰয়াত অনিল বাইলুং আৰু মিনতি বাইলুঙৰ কন্যা জ্যোতিমালাই নয়নতৰা ফুলৰ এটা পাহিত অংকন কৰিলে মানুহৰ ভ্ৰূণ। সেই ছবি ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ পিছতে আহিল সুখবৰ।

শিৱসাগৰ ছোৱালী কলেজৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী জ্যোতিমালা সক্ষম হয় এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেকৰ্ড কৰিবলৈ। জ্যোতিমালা বাইলুঙৰ এই সাফল্যত এতিয়া উতফুল্লিত তেওঁৰ অভিভাৱক, শিক্ষাগুৰু। উল্লেখ্য যে কিছুদিনৰ পূৰ্বে শিৱসাগৰৰ জিংকি বৰুৱা নামৰ আন এগৰাকী ছাত্ৰীয়ে কঁঠাল গুটিত মহাত্মা গান্ধীৰ মুখাবয়ৱ অংকন কৰি একেই ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল।
Published by: Sanjay Kumar Das
First published: October 23, 2020, 10:19 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading