জামিন আবেদন নাকচ, ১৪ দিনৰ ন্যায়িক জিম্মালৈ অখিল গগৈ

News18 Assam | News18-Assam
Updated:March 23, 2020, 4:38 PM IST
জামিন আবেদন নাকচ, ১৪ দিনৰ ন্যায়িক জিম্মালৈ অখিল গগৈ
‘'ষড়যন্ত্ৰমূলকভাবে বাৰে বাৰে গ্ৰেপ্তাৰ কৰা হৈছে ’

‘'ষড়যন্ত্ৰমূলকভাবে বাৰে বাৰে গ্ৰেপ্তাৰ কৰা হৈছে ’

  • Share this:
নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত ৰাইজক উচতনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ ওচৰত জাপি দিয়া হৈছে ইটোৰ পিছত সিটো গোচৰ।

সোমবাৰে অখিল গগৈক হাজিক কৰোৱা হয় শিৱসাগৰ আদালতত। নাকচ কৰা হৈছে গগৈৰ জামিন আবেদন।  মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ ৰায় অনুসৰি চৈধ্য দিনৰ ন্যায়িক জিম্মালৈ অখিল গগৈ।

শিৱসাগৰ কাৰাগাৰত থাকিব অখিল গগৈ। ইয়াৰ পূৰ্বেও চাৰিদিনৰ আৰক্ষীৰ জিম্মাত আছিল অখিল গগৈ।

কাৰাগাৰৰ সন্মুখত অখিল গগৈৰ প্ৰতিক্ৰিয়া– ‘'ষড়যন্ত্ৰমূলকভাবে বাৰে বাৰে গ্ৰেপ্তাৰ কৰা হৈছে । ৰাইজে আন্দোলন অব্যাহত ৰাখক ।’
আৰু চাওক
পৰৱৰ্তী বাতৰি