• Home
  • »
  • News
  • »
  • assam
  • »
  • শিৱসাগৰৰ এইজন ষষ্ঠ শ্ৰেণী ছাত্ৰই নিজৰ উদ্ভাৱনী প্ৰতিভাৰে দিছে চমক! মাত্ৰ তিনিদিনৰ ভিতৰতে সাঁজিলে ড্ৰোণ

শিৱসাগৰৰ এইজন ষষ্ঠ শ্ৰেণী ছাত্ৰই নিজৰ উদ্ভাৱনী প্ৰতিভাৰে দিছে চমক! মাত্ৰ তিনিদিনৰ ভিতৰতে সাঁজিলে ড্ৰোণ

শিৱসাগৰ জিলাৰ বাকচু শ্ৰীশ্ৰী সাউদকুছী সত্ৰৰ এজন ছাত্ৰৰ উদ্ভাৱনী প্ৰতিভাই চমক সৃষ্টি কৰিছে। মাত্ৰ তিনিদিনত ছাত্ৰজনে  উদ্ভাৱন কৰি উলিয়ালে এখন ড্ৰোণ ৷

শিৱসাগৰ জিলাৰ বাকচু শ্ৰীশ্ৰী সাউদকুছী সত্ৰৰ এজন ছাত্ৰৰ উদ্ভাৱনী প্ৰতিভাই চমক সৃষ্টি কৰিছে। মাত্ৰ তিনিদিনত ছাত্ৰজনে  উদ্ভাৱন কৰি উলিয়ালে এখন ড্ৰোণ ৷

শিৱসাগৰ জিলাৰ বাকচু শ্ৰীশ্ৰী সাউদকুছী সত্ৰৰ এজন ছাত্ৰৰ উদ্ভাৱনী প্ৰতিভাই চমক সৃষ্টি কৰিছে। মাত্ৰ তিনিদিনত ছাত্ৰজনে  উদ্ভাৱন কৰি উলিয়ালে এখন ড্ৰোণ ৷

  • Share this:
শিৱসাগৰ জিলাৰ বাকচু শ্ৰীশ্ৰী সাউদকুছী সত্ৰৰ এজন ছাত্ৰৰ উদ্ভাৱনী প্ৰতিভাই চমক সৃষ্টি কৰিছে। মাত্ৰ তিনিদিনত ছাত্ৰজনে  উদ্ভাৱন কৰি উলিয়ালে এখন ড্ৰোণ ৷ ৰিমৰ্ট ব্যৱহাৰ কৰি এই ড্ৰোণখন বৰ্তমান আকাশত উৰুৱাইছে ছাত্ৰজনে ৷ ছাত্ৰজনে ভৱিষ্যতে  ড্ৰোণখনত কেমেৰা সংলগ্ন কৰিব বুলিও জনাইছে ৷

কেৱল ড্ৰোণেই নহয় ছাত্ৰ জনে উদ্ভাৱন কৰিছে বহুকেইটা অত্যাধুনিক ইলেক্ট্ৰনিক সঁজুলি ৷ যিকেইটাৰ জৰিয়তে ঘৰৰ বহু কাম সহজ কৰি তুলিছে ছাত্ৰজনে ৷ বিদ্যুত চালিত ডাষ্টবিন, ভেকুৱাম ক্লিনাৰ, ফায়াৰ আলাম সাজি উলিয়াইছে ছাত্ৰজনে ৷

নিজ চিন্তা শক্তি আৰু ইণ্টাৰনেটৰ সহায়েৰে এই সামগ্ৰীসমূহ উদ্ভাৱন কৰি উলিয়াইছে তেজপুৰৰ বায়ু সেনাবাহিনী কেন্দ্ৰীয় বিদ্যালয়ৰ মেধাৱী ছাত্ৰ দৰ্শীত সুন্দৰ মহন্তই। ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ দৰ্শীত সুন্দৰ মহন্তই সৰুৰে পৰাই নিজ চিন্তাৰে বিভিন্ন যন্ত্ৰপাতি সাজি উলিয়াইছিল।

বিদ্যালয়ৰ পাঠ্যপুথি অধ্যয়নৰ লগতে বহুদিনৰ পৰা মনতে পুহি ৰখা সপোনটো পূৰ কৰি মাত্ৰ তিনিদিনত তৈয়াৰ কৰিলে এই বিশেষ ড্ৰোণখন। দৰ্শীত সুন্দৰ মহন্তই নিজ হাতে নিৰ্মাণ কৰা ড্ৰোণখন শনিবাৰে প্ৰদৰ্শন কৰে বকচু প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলৰ আগত ৷ আৰু কণকণ ছাত্ৰ-ছাত্ৰীসকলক ড্ৰোণখন কেনেকৈ চলে এই বিষয়েও বৰ্ণনা কৰে ৷

ইয়াৰ উপৰিও ছাত্ৰজনে উদ্ভাৱন কৰা আন আন সামগ্ৰীবোৰ লৈ বহু আশাবাদী ছাত্ৰজন৷ বাকচু শ্ৰীশ্ৰী সাউদ কুছী সত্ৰৰ শিল্পী পৰেশ মহন্ত আৰু বিনী মহন্তৰ পুত্ৰ দৰ্শীত সুন্দৰ মহন্তই সংগীত চৰ্চাও অব্যাহত ৰাখিছে৷  ভৱিষ্যতে এজন বৈজ্ঞানিক হোৱাৰ মন ছাত্ৰজনৰ৷
Published by:Himangshu Bhuyan
First published: