দৰিদ্ৰতা আৰু পাৰিবাৰিক কন্দলৰ চৰম পৰিণতিতে শিৱসাগৰ বগীদ'ল ডিমৌ কিনাৰত পিতা-পুত্ৰৰ আত্মহত্যাৰ ঘটনা। জয়সাগৰ আৰক্ষী চকী অন্তৰ্গত ডিমৌকিনাৰৰ মৃদুল সন্দিকৈয়ে নিজেই বিহ ( ফুৰাডন) খোৱাৰ লগতে দুই পুত্ৰ পিন্টু আৰু মিন্টু সন্দিকৈক খুৱায় বিহ।
পিছত যন্ত্ৰণাত চটফটাই বৰপুত্ৰ মিন্টু সন্দিকৈয়ে দেউতাকৰ ম'বাইলৰ পৰাই স্থানীয় লোকক খবৰ দিয়ে।
স্থানীয় লোকে ডিমৌ কিনাৰৰ এখন পথাৰৰ কাষৰ ৰাস্তাত তিনিওকে পৰি থকা প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। আৰক্ষীয়ে পিছত মৃদুল সন্দিকৈ(৩২) আৰু তেওঁৰ কনিষ্ঠ পুত্ৰ পিন্টু (৬)ৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰে মিন্টু (১০)ক ।
মৃদুল সন্দিকৈৰ বৰ পুত্ৰ মিন্টুক ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা অতি সংকটজনক হোৱাত পিছত চিকিৎসকে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
বৰ্তমান মিন্টু সন্দিকৈ (১০) অসম চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ থকা বুলি সদৰী কৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডা : প্ৰশান্ত দিহিঙ্গীয়াই ।
আৰক্ষীয়ে সমগ্ৰ বিষয়টো তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা চুইচাইড নোট। পাৰিবাৰিক কন্দলৰ বাবেই মৃদুল সন্দিকৈয়ে এনে পথ বাছি লোৱা বুলি উল্লেখ কৰিছে চুইচাইড নোটত। চুইচাইড নোটত উল্লেখ থকা অনুসৰি মৃদুল সন্দিকৈয়ে শেহতীয়াকৈ কিছুদিন ধৰি মাতৃগৃহত থকা পত্নীলৈ ফোন কৰিছিল। ফোনতে মৃদুল সন্দিকৈক গালি গালাজ পৰাৰ লগতে দুই পুত্ৰক পত্নীয়ে লৈ যাব বুলি হুমকি দিছিল। তদুপৰি বিগত সময়ছোৱাত মৃদুলে পত্নীক মাৰধৰ কৰাৰ বাবে ক্ষমা বিচাৰিছিল যদিও পত্নীয়ে ক্ষমা নকৰাৰ বাবেই এনে পথ বাচি লোৱা বুলি উল্লেখ কৰিছে চুইচাইড নোটত।
কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা মৃদুল সন্দিকৈৰ পৰিয়ালটোৱে চৰম আৰ্থিক অনাটনৰ মাজেৰে দিন পাৰ কৰিছিল বুলি সদৰী কৰিছে স্থানীয় লোকে। দৰিদ্ৰতাৰ বাবেই এমাহ পূৰ্বে মৃদুলে আত্মহত্যাৰ অপচেষ্টা কৰিছিল। এই ভাষ্য স্থানীয় লোকৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|