• Home
  • »
  • News
  • »
  • assam
  • »
  • Bitupan Changmai Bail: অৱশেষত জামিন পালে ৰাজদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা বিতোপন চাংমাইয়ে

Bitupan Changmai Bail: অৱশেষত জামিন পালে ৰাজদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা বিতোপন চাংমাইয়ে

তিনিমাহে শিৱসাগৰ জিলা কাৰাগাৰত বন্ধী হৈ আছে বিতোপন 

তিনিমাহে শিৱসাগৰ জিলা কাৰাগাৰত বন্ধী হৈ আছে বিতোপন 

তিনিমাহে শিৱসাগৰ জিলা কাৰাগাৰত বন্ধী হৈ আছে বিতোপন 

  • Share this:
অৱশেষত আমগুৰিৰ বালিপথৰাৰ যুৱক বিতোপন চাংমাইৰ জামিন মঞ্জুৰ কৰিলে আদালতে। শিৱসাগৰ জিলা সত্ৰ ন্যায়ধীশৰ আদালতে আজি জামিন মঞ্জুৰ কৰিলে বিতোপনৰ।

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত তিনিমাহে শিৱসাগৰ জিলা কাৰাগাৰত বন্দী হৈ আছে বিতোপন চাংমাই। ৰাজদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হাোৱা যোৰহাটৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ ফেচবুক প'ষ্টত কমেণ্ট কৰাৰ বাবেই গ্ৰেপ্তাৰ হৈছিল বিতোপন চাংমাই। আমগুৰি থানাত ৰুজু হোৱা ৫৩/২০২২ নং গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল বিতোপন চাংমাইক।

অৱশেষত জামিন মঞ্জুৰ হোৱাত বিতোপন চাংমাই মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল। শনিবাৰে মুকলি আকাশৰ তললৈ আহিব বিতোপন ।
Published by:Manjumoni Borah
First published: