• Home
  • »
  • News
  • »
  • assam
  • »
  • শিৱসাগৰ আৰক্ষীৰ বিশেষ উদ্যোগ : তৃতীয় বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ মাজত কেৰিয়াৰ সজাগতা সভা

শিৱসাগৰ আৰক্ষীৰ বিশেষ উদ্যোগ : তৃতীয় বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ মাজত কেৰিয়াৰ সজাগতা সভা

 এটা পৰীক্ষাৰ ফলাফলে জীৱন সলাব নোৱাৰে :  ডিজিপি ভাস্কৰজ্যোতি মহন্ত

 এটা পৰীক্ষাৰ ফলাফলে জীৱন সলাব নোৱাৰে :  ডিজিপি ভাস্কৰজ্যোতি মহন্ত

 এটা পৰীক্ষাৰ ফলাফলে জীৱন সলাব নোৱাৰে :  ডিজিপি ভাস্কৰজ্যোতি মহন্ত

  • Share this:
শিৱসাগৰ আৰক্ষীৰ উদ্যোগত আজি  ONGC কলনীৰ প্ৰেক্ষাগৃহত কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত কৰা হয়। সজাগতা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত । সজাগতা সভাত দুই শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত  পৰীক্ষাত ভাল ফলাফল কৰিব নোৱাৰা তথা তৃতীয় বিভাগত উত্তীৰ্ণ  ছাত্ৰ-ছাত্ৰী সকলক লৈ অনুষ্ঠিত কৰে এই কেৰিয়াৰ সজাগতামূলক সভা।

সজাগতা সভাত অংশ গ্ৰহণ কৰি DGP ভাস্কৰজ্যোতি মহন্তই কয়, 'সৰুতে মই গাধা আছিলোঁ, আৰম্ভণিতে পঢ়াত মইও বেয়া আছিলোঁ।' ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰি DGP মহন্তই কয় যে এটা পৰীক্ষাত বেয়া ফলাফলে জীৱনটো শেষ কৰিব নোৱাৰে । জীৱনটো আৰম্ভহে হৈছে, ভাবিব লগা একো নাই।'

আনহাতে কম নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰী সকলক সমাজে কম গুৰুত্ব দিয়া সমাজখনো অলপ গণ্ডগুলীয়া। 'আচলতে নম্বৰ নহয়, সমাজৰ বাবে কিবা কৰিছেনে, মানৱ সমাজৰ বাবে কিবা কৰিছে নে সেয়া গুৰুত্ব দিব লাগে। কিন্তু সমাজে নুসুধে।' DGP মহন্তই এইদৰে কয়।

ছাত্ৰ -ছাত্ৰী সকলক নিজৰ সামৰ্থৰে নিজৰ ভৰিত সমাজে গ্ৰহন কৰা পন্থাৰে নিজক প্ৰতিষ্ঠা কৰিবলৈ আহ্বান DGP মহন্তৰ । প্ৰসংগ ক্ৰমে সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে ফুটবল খেলিলেই নহ'ব , ভালকৈ খেলিব লাগিব। ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিব পৰাকৈ খেলিব লাগিব।

সভাত শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘনিধি দাহাল, আৰক্ষী অধীক্ষক শুভ্ৰজিৎ বৰা আৰু চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক যুৱৰাজেও অংশগ্ৰহণ কৰে।

অনুষ্ঠানটোত অসম চৰকাৰৰ দক্ষতা আৰু উদ্যমিতা বিভাগৰ দুই বিষয়া পিংকু চৌধুৰী আৰু আক্কাছ আলীয়ে সমল ব্যক্তি হিচাপে অংশ লৈ ছাত্ৰ-ছাত্ৰী সকলক কেৰিয়াৰ সম্পৰ্কত পৰামৰ্শ আগবঢ়ায় ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি