মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Akhil Gogoi : চাৰিওফালৰ পৰা বিপদত পৰিছে অখিল গগৈ! শাসক-বিৰোধী সকলোৰে আক্ৰমণৰ লক্ষ্য একমাত্ৰ অখিল

Akhil Gogoi : চাৰিওফালৰ পৰা বিপদত পৰিছে অখিল গগৈ! শাসক-বিৰোধী সকলোৰে আক্ৰমণৰ লক্ষ্য একমাত্ৰ অখিল

News18 Assam | News18-Assam
Updated:August 16, 2021, 9:03 PM IST
Akhil Gogoi : চাৰিওফালৰ পৰা বিপদত পৰিছে অখিল গগৈ! শাসক-বিৰোধী সকলোৰে আক্ৰমণৰ লক্ষ্য একমাত্ৰ অখিল
ভৱেশ কলিতা-"অখিল গগৈ কোন? অখিল গগৈৰ তৃণমূল গমনে কোনো ক্ষতি নকৰে বিজেপিৰ ৷ অখিল গগৈ বাদেই মমতা বেনাৰ্জীৰ দম আছে যদি অসমৰ মুখ্যমন্ত্ৰী হৈ দেখুৱাওক ৷"

ভৱেশ কলিতা-"অখিল গগৈ কোন? অখিল গগৈৰ তৃণমূল গমনে কোনো ক্ষতি নকৰে বিজেপিৰ ৷ অখিল গগৈ বাদেই মমতা বেনাৰ্জীৰ দম আছে যদি অসমৰ মুখ্যমন্ত্ৰী হৈ দেখুৱাওক ৷"

  • Share this:
শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক লৈ যেন মূৰৰ কামোৰণিহে হৈছে ৰাজ্যৰ অধিকাংশ ৰাজনৈতিক দলৰ ৷ বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ছোৱাত মহাজোঁটৰ পৰা AIUDFক একাষৰীয়া কৰিবলৈ কংগ্ৰেছক আহ্বান জনোৱাৰ দিনটোৰ পৰাই AIUDFৰ সৈতে ব্যৱধান বৃদ্ধি পাইছিল অখিল গগৈৰ ৷ ধিঙৰ বিধায়ক আমিনুল ইছলামে সেই সময়ছোৱাতে অখিল গগৈয়ে নিৰ্বাচনৰ পূৰ্বে দল খুলিবলৈ ১০কোটি টকা মহাজোঁটৰ পৰা বিচৰা বুলি আনিছিল মহা অভিযোগ ৷ পিছে এইবাৰ ধিঙৰ বিধায়ক আমিনুল ইছলামে নহয়; মানকাছৰৰ AIUDFৰ বিধায়ক আমিনুল ইছলামহে হৈছে অখিল গগৈৰ বিৰুদ্ধে সৰৱ ৷ অখিল গগৈৰ শেহতীয়া স্থিতি তথা মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছলৈ যোৱাক লৈ আমিনুল ইছলামে অখিল গগৈক দিলে মেৰুদণ্ডহীন আখ্যা ৷

AIUDFৰ আমিনুল ইছলামৰ দৰেই অখিল গগৈৰ তৃণমূল গমনক লৈ এইদৰে মন্তব্য দিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই—"অখিল গগৈ কোন? অহা নিৰ্বাচনত অখিল গগৈ হাৰিবই ৷ সেইজন অখিল গগৈৰ তৃণমূল গমনে কোনো ক্ষতি নকৰে বিজেপিৰ ৷ অখিল গগৈ বাদেই মমতা বেনাৰ্জীৰ দম আছে যদি অসমৰ মুখ্যমন্ত্ৰী হৈ দেখুৱাওক ৷"

ঠিক একেদৰে সোমবাৰে অখিল গগৈৰ বিৰুদ্ধে সৰব হ'ল বিজেপিৰ আন এজন নেতা ৷ গো-সুৰক্ষা বিধেয়ক বিধানসভাত পাৰিত হোৱাত অখিল গগৈয়ে দেওবাৰে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰৰ ৷ "অখিল গগৈৰ মন্তব্যক গৰিহণা জনাইছোঁ ৷ তেওঁৰ মন্তব্যক বহুৱালীৰ বাদে আন আখ্যা দিব নোৱাৰি ৷ গ্ৰাম্য অৰ্থনীতি ভাঙি যাব বুলি তেওঁ অপ্ৰাসংগিক মন্তব্য কৰিছে ৷ মহাত্মা গান্ধীৰ বক্তব্যক তেওঁ বিকৃত কৰিছে ৷ কাৰো খাদ্য প্ৰক্ৰিয়াত, গো-ভক্ষণক এই আইনে বাধা দিয়া নাই ৷ ইছলাম-খ্ৰীষ্টানক ক্ষমা খোজাতকৈ হিন্দু সমাজক ক্ষমা খোজক অখিল গগৈয়ে ৷ নে অখিল গগৈয়ে আমিনুল ইছলামে অনা দহ কোটিৰ অভিযোগ তল পেলাবলৈ ঢাল হিচাপে লৈছে গো-সুৰক্ষা আইনক?" প্ৰশ্ন লক্ষ্য কোঁৱৰৰ ৷

AIUDF, বিজেপিৰ লগতে সোমবাৰে কংগ্ৰেছী বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰেও সকীয়াই দিলে অখিল গগৈক ৷ "অখিল গগৈয়ে কংগ্ৰেছৰ আভ্যন্তৰিণ বিষয়ত মূৰ ঘমোৱা বন্ধ কৰক ৷ সিদিনা জন্ম হোৱা দল এটাই কংগ্ৰেছক নীতি আদৰ্শ নিশিকালেও হ'ব ৷"—শিকদাৰ
Published by: Manjumoni Borah
First published: August 16, 2021, 9:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি