অসমবাসী ৰাইজক ক্ষমা খুজিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ৷ সামাজিক মাধ্যমযোগে শিৱসাগৰৰ বিধায়কগৰাকীয়ে ক্ষমা খোজে। কাৰণ যোৱা ১ ফেব্ৰুৱাৰীৰ পিছবেলাৰ পৰা তেওঁ যোগাগোগ বিচ্ছিন্ন হৈ আছিল। আকস্মিকভাৱে পুত্ৰ নাচিকতাৰ স'তে জম্মু-কাশ্মীৰ (Jammu & Kashmir)লৈ যাবলগীয়া হোৱাত ম'বাইল বন্ধ আছিল বুলি উল্লেখ কৰে তেওঁ ৷ জম্মু-কাশ্মীৰৰ সুকীয়া যোগাযোগ নম্বৰ নোলোৱা বাবে বন্ধ আছিল তেওঁৰ মোবাইল ৷ উল্লেখ্য, ভাৰতৰ আন অংশৰ টেলিফোনসমূহ নচলে জম্মু-কাশ্মীৰত ৷
পিছে, এইকেইদিনত দেশ তথা ৰাজ্যত কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিল। কেন্দ্ৰীয় চৰকাৰৰ বাজেট, G20ৰ বৈঠক, অসমত "অবৈধ স্বামী” গ্ৰেপ্তাৰ অভিযানকে ধৰি কেইবাটাও ঘটনা৷ কিন্তু কাশ্মীৰত থকা বাবে ইয়াৰে কোনো এটা বিষয়ত মন্তব্য দিবলৈ নাপায় ক্ষমা খোজে অখিল গগৈয়ে।
কাশ্মীৰ ভ্ৰমণ সম্পৰ্কে অখিল গগৈ (Akhil Gogoi)য়ে কয়- কাশ্মীৰলৈ মই যদিও এইবাৰ দ্বিতীয়বাৰ গৈছিলোঁ, আচলতে এইবাৰেই প্ৰথম বুলি ক'ব পাৰি; কাৰণ আগৰবাৰ কাশ্মীৰ চাবলৈ সুযোগ পোৱা নাছিলোঁ। কেৱল এখন ছেমিনাৰতহে যোগ দিছিলোঁ।
প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ জম্মু -কাশ্মীৰ ভ্ৰমণ কৰি অখিল গগৈৰ মন্তব্য, কাশ্মীৰ কেৱল ভাৰতৰ পৰ্যটনৰেই এটা অতি অনুপমস্থলী এনেকুৱা নহয়, জম্মু কাশ্মীৰ ইয়াৰ ভূ-ৰাজনৈতিক অৱস্থানৰ বাবে প্ৰখ্যাত। জম্মু-কাশ্মীৰ (MLA Akhil Gogoi Visit Jammu & Kashmir) প্ৰখ্যাত ইয়াৰ ঐতিহাসিক প্ৰতিৰোধী আন্দোলনৰ বাবে। লগতে যোৱা তিনি দিনত অনেক কথা জনা আৰু শিকা বুলিও নিজ অনুভৱ প্ৰকাশ কৰে৷ ইমানে নহয় পুত্ৰৰ আবদাৰত বৰফত বাগৰি অখিল গগৈ দুদিন জ্বৰতো ভোগা বুলি উল্লেখ কৰে। অখিল গগৈৰ এই ভ্ৰমণৰ সময়ত পুত্ৰ নচিকেতা আৰু অংকুৰ তামুলী ফুকন উপস্থিত আছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।