মহাপুৰুষ মাধৱদেৱৰ " নৃ-সিংহ যাত্ৰা " ভাওনা খন Manuscript আৰ্হিত চিত্ৰ অংকনেৰে প্ৰতিফলিত কৰি উজলিল নিমিশা কাকতি। শিৱসাগৰ শুকান পুখুৰীৰ নিৱাসী নিমিশা কাকতি (২০) নামৰ ছাত্ৰীগৰাকীয়ে " INDIA BOOKS OF RECORDS"ত স্থান লাভ কৰি অসম তথা শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই ভাওনাখনৰ সূত্ৰধাৰৰ প্ৰৱেশৰ পৰা আৰম্ভ কৰি শেষলৈকে ৭৩টা দৃশ্য অংকন কৰে শিৱসাগৰ ছোৱালী কলেজৰ স্নাতক চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী নিমিশাই।
১০ দিনত অংকন কৰা ৫৪.১১০ ফুট দৈৰ্ঘ্যৰ চিত্ৰখনৰ প্ৰত্যেকটো খণ্ড তথা ফলকৰ দৈৰ্ঘ্য ৯ ইঞ্চি আৰু প্ৰস্থ ৬ ইঞ্চি। লক্ষণীয় যে নিমিশাই এই চিত্ৰখনত কোনো কৃত্ৰিম ৰং ব্যৱহাৰ নকৰি প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিছে।
নিমিশাই নিজ হাতেৰে হালধিৰ পৰা হালধীয়া ৰং, চাকিৰ ধোঁৱাৰ পৰা ক'লা ৰং, সেন্দূৰৰ পৰা ৰঙা ৰং, বিলাহীৰ পাতৰ পৰা সেউজীয়া ৰং, অপৰাজিতা ফুলৰ পৰা নীলা ৰং, পুৰৈ শাকৰ গুটিৰ পৰা বেঙুনীয়া ৰং, পাৰ্পল knight গছৰ পাতৰ পৰা ব্ৰাউন ৰং প্ৰস্তুত কৰি ব্যৱহাৰ কৰি অংকন কৰিছে নৃ-সিংহ যাত্ৰা ভাওনাখন ।
মহাপুৰুষজনাৰ সৃষ্টিক বিশ্বদৰবাৰলৈ লৈ যোৱাৰ মানসেৰেই ভাওনা খন manuscript আৰ্হিত প্ৰস্তুত কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ বাবে প্ৰেৰণ কৰিছিল বুলি সদৰী কৰিছে ধ্ৰুৱজ্যোতি কাকতি আৰু ৰূপজ্যোতি কাকতিৰ কন্যা নিমিশা কাকতিয়ে ।
উল্লেখ্য যে যিবিলাক পুৰণি চিত্ৰশৈলীক Manuscript Art বুলি কোৱা হয়, সেইবিলাক পূৰ্বেতে সাঁচি পাতত অংকন কৰা হৈছিল। সেই Manuscript সমূহৰ আৰ্হিতে নিমিশাই বৰ্তমান কাগজত প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি অংকন কৰি উক্ত ভাওনাখন প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে ।
ইপিনে কন্যাই কৰা এনে প্ৰচেষ্টাৰ ফলত INDIA BOOK OF RECORDSত স্থান লাভ কৰাত অতিকৈ সুখী হোৱা বুলি মন্তব্য কৰিছে নিমিশাৰ পিতৃ–মাতৃয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|