মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam HSLC Results 2023: মেট্ৰিকত ৮৮.৪০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শিৱসাগৰ জিলা দ্বিতীয় স্থানত

Assam HSLC Results 2023: মেট্ৰিকত ৮৮.৪০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শিৱসাগৰ জিলা দ্বিতীয় স্থানত

৩ গৰাকীয়ে প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ, ৩৭৪০ গৰাকীয়ে লাভ কৰে প্ৰথম স্থান

৩ গৰাকীয়ে প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ, ৩৭৪০ গৰাকীয়ে লাভ কৰে প্ৰথম স্থান

৩ গৰাকীয়ে প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ, ৩৭৪০ গৰাকীয়ে লাভ কৰে প্ৰথম স্থান

  • Share this:
আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি শিৱসাগৰ জিলাত ঊত্তীৰ্ণ হাৰ  ৮৮.৪০ শতাংশ। ৰাজ্যখনৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে জিলাখনে।  উল্লেখ্য যে ২০২২ বৰ্ষত শিৱসাগৰ জিলাই ৮১.১৭ শতাংশ উত্তীৰ্ণ হাৰেৰে ৰাজ্যৰ ভিতৰত তৃতীয় স্থান লাভ কৰিছিল।

এইবাৰ পূৰ্বৰ তুলনাত সামগ্ৰিক ফলাফল অধিক সন্তোষজনক।  জিলাখনৰ তিনিগৰাকী  ছাত্ৰ-ছাত্ৰীয়ে অসমৰ শীৰ্ষ দহটা স্থানৰ ভিতৰত তিনিটা স্থান লাভ কৰিবলৈ সক্ষম হৈছে।তেওঁলোক হৈছে,  হলীনেইম স্কুলৰ অনিন্দিতা শইকীয়াই নৱম স্থান, শংকৰদেৱ  শিশু নিকেতন শিমলুগুৰিৰ  বৰষ বৰ্ষা চেতিয়াই নৱম স্থান আৰু  বিদ্যাভৱন ডিমুৱালৰ অচ্যুত বৰুৱাই দশম স্থান লাভ কৰে।

লগতে পঢ়কঃ সময়ৰ হিচাপ কৰি কেতিয়াও পঢ়া নাছিল প্ৰথম স্থানপ্ৰাপ্ত হৃদমে

জিলাখনৰ পৰা এই পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৮,৩৬২ জন পৰীক্ষাৰ্থীৰ ভিতৰত ৩,৭৪০ জনে প্ৰথম বিভাগত, ৩০০৫ জনে দ্বিতীয় বিভাগত আৰু ৬৪৭ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। প্ৰণিধানযোগ্য যে জিলাখনৰ ৪৫ শতাংশ ছাত্ৰ- ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হবলৈ সক্ষম হৈছে যিটো অসমৰ ভিতৰতে সৰ্বাধিক।

শেহতীয়া বাতৰি