মুখ্যপৃষ্ঠা »খবৰ »অসম »পৃথিৱীখন চোৱাৰ মোৰ বৰ হেঁপাহ আছে , পাৰে যদি মোক অলপ সহায় কৰক না ! চৰকাৰ-ৰাইজলৈ কাতৰ আহ্বান দৃষ্টিহীন দৃষ্টিৰ...

পৃথিৱীখন চোৱাৰ মোৰ বৰ হেঁপাহ আছে , পাৰে যদি মোক অলপ সহায় কৰক না ! চৰকাৰ-ৰাইজলৈ কাতৰ আহ্বান দৃষ্টিহীন দৃষ্টিৰ...

শিৱসাগৰ জিলাৰ টেঙাপুখুৰীৰ চোলাধৰা গাঁৱৰ এগৰাকী ১৯বছৰীয়া যুৱতী, জন্মৰ তিনিবছৰ বয়সৰে পৰা দৃষ্টি শক্তি হেৰুৱাই পেলাইছিল। এই যুৱতী গৰাকীৰ নাম দৃষ্টি ফুকন, তেওঁৰ মনত আছে দুৰ্বাৰ হেঁপাহ, পৃথিৱীখন চোৱা আৰু পঢ়াৰ হেঁপাহ দৃষ্টিৰ।

  • Share this:
মোৰ পৃথিৱীখন চোৱাৰ খুৱ হেঁপাহ আছে দাদা অলপ সহায় কৰক না ৷ ছোৱালীজনীয়ে ফোন কৰি কোৱা আশাভৰা কথাষাৰে মনটো সেমেকাই তুলিলে ৷

শিৱসাগৰ জিলাৰ টেঙাপুখুৰীৰ চোলাধৰা গাঁৱৰ এগৰাকী ১৯বছৰীয়া দুৰ্ভগীয়া যুৱতী। জন্মৰ তিনিবছৰ বয়সৰে পৰা দৃষ্টি শক্তি হেৰুৱাই পেলাইছিল যুৱতী গৰাকীয়ে। দৃষ্টিহীন এই যুৱতী গৰাকীৰ নাম দৃষ্টি ফুকন। দৃষ্টি ফুকনৰ মনত আছে দুৰ্বাৰ হেঁপাহ, পৃথিৱীখন চোৱা আৰু পঢ়াৰ হেঁপাহ দৃষ্টিৰ। জন্মৰ প্ৰায় ছয় মাহ পিছতেই বসন্ত ৰোগত আক্ৰান্ত হৈ পৰৱৰ্তী সময়ত  চকুত কেটেৰেক্ট পৰি চিৰদিনৰ বাবে  দৃষ্টি শক্তি হেৰুৱাই পেলাইছিল দৃষ্টিয়ে।  চকুৰ উন্নত চিকিৎসাৰ বাবে পৰিয়ালটোত অৰ্থৰ অভাৱ ৷ ঘৰখনত উপাৰ্জনৰ পথ বুলিবলৈ ককায়েকৰ দিন হাজিৰা কৰা টকাকেইটা ৷

তিনিবছৰ বয়সতে দৃষ্টিহীন হৈও দৃষ্টিয়ে অষ্টম শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল।
প্ৰায় ১৬টা বছৰে  দৃষ্টিহীন শিৱসাগৰৰ টেঙাপুখুৰী চোলাধৰা গাঁৱৰ দৃষ্টি ফুকনে মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনক উন্নত চিকিৎসাৰ বাবে আৱেদন-নিবেদন কৰিও আজি পৰ্যন্ত নাপালে সহায়ৰ হাত। ৰাজ্য চৰকাৰ, স্বাস্থ্যবিভাগ, মুখ্যমন্ত্ৰী আৰু ৰাইজলৈ কাতৰ আহ্বান দৃষ্টি ফুকন আৰু মাতৃৰ৷ দৃষ্টিয়ে যাতে পুনৰ ঘূৰাই পাই দৃষ্টিশক্তি। দৃষ্টি ফুকনক যদি কোনো হৃদয়বান লোকে সহায় কৰিব বিচাৰে তেনেহলে ইণ্ডিয়ান বেংকৰ শিমলুগুৰি শাখাৰ বেংক একাউণ্ট নম্বৰ ৬৯৭৬১৬৭২৭৪, IFSC CODE - IDIB000N121 ত সহায়ৰ হাত আগবঢ়োৱাৰ লগতে ৬০০০৩২৫৮০১ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে।

শেহতীয়া বাতৰি