বিগত ১৭ বছৰে মেট্ৰিক পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ হৈ অহা শিৱসাগৰৰ এখন বিদ্যালয়ৰ নাম সুন্দৰমল মডাৰ্ণ স্কুল। এইবাৰো নহ'ল ব্যতিক্ৰম । সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিদ্যালয়খনত উত্তীৰ্ণ হাৰ এশ শতাংশ হোৱাৰ লগতে দুগৰাকীয়ে লাভ কৰিলে দশম স্থান।
ইয়াৰ পৰিপ্ৰেক্ষিতত বুধবাৰে সুন্দৰমল মডাৰ্ণ স্কুলত কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয় খনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ কেইবাগৰাকী গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা হয়।
লক্ষ্যণীয় যে বিদ্যালয়খনৰ হিমাংশু দাস আৰু ৰক্তোৎপল বৰাই প্ৰথম দহটা স্থানৰ ভিতৰত দশম স্থান লাভ কৰিছিল । এই দুগৰাকী মেধাৱী ছাত্ৰক ৫০ হেজাৰ টকাকৈ চেক্ প্ৰদান কৰা হয়। চেকৰ লগতে ফুলাম গামোচা, স্মাৰক, ফুলাম জাপি আদিৰে অভিনন্দন জ্ঞাপন কৰে।
স্থান লাভ কৰা ছাত্ৰ দুয়োগৰাকীৰ উপৰিও ৮০ শতাংশ আৰু তাতোধিক নম্বৰ লাভ কৰা কৃতী ছাত্ৰ ছাত্ৰী সকলকো কেইবা হেজাৰ টকীয়া চেক প্ৰদান কৰে।
অভিনন্দন অনুষ্ঠানত বিদ্যালয় সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে ভাষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰী সকলে কেনেকৈ অধিক নম্বৰ লাভ কৰিব পাৰিব সেই সন্দৰ্ভত কেইবাটাও কৌশলৰ বিষয়ে অৱগত কৰাৰ লগতে প্ৰচুৰ অধ্যয়ন কৰাৰ বাবে আহ্বান জনায়। তেওঁ লগতে অনাগত দিনত বলবৎ কৰিবলগীয়া ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সন্দৰ্ভতো চমু বক্তব্য প্ৰদান কৰে।
অনুষ্ঠানত মূখ্য অতিথী হিচাপে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্ত উপস্থিত থাকি ভাষণ প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰী সকল দেশৰ ভৱিষ্যত বুলি উল্লেখ কৰি আগলৈ মেধাৱী ছাত্ৰ-ছাত্ৰী সকলক নিজৰ লগতে সমাজৰ বাবে কাম কৰাৰ পৰামৰ্শ আগবঢ়ায়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|