শিশু শিক্ষা সমিতিৰ পূৰ্ণকালীন কাৰ্যকৰ্তাৰ তিনিদিনীয়া বৈঠক আৰম্ভ, MyNEPৰ অসমীয়া ৰূপান্তৰ উন্মোচন

News18 Assam | News18-Assam
Updated:September 14, 2020, 11:40 PM IST
শিশু শিক্ষা সমিতিৰ পূৰ্ণকালীন কাৰ্যকৰ্তাৰ তিনিদিনীয়া বৈঠক আৰম্ভ,  MyNEPৰ অসমীয়া ৰূপান্তৰ উন্মোচন
MyNEP প্ৰতিযোগিতাৰ প্ৰদৰ্শনীমূলক ভিডিঅ’ৰ অসমীয়া ৰূপান্তৰ উন্মোচন

MyNEP প্ৰতিযোগিতাৰ প্ৰদৰ্শনীমূলক ভিডিঅ’ৰ অসমীয়া ৰূপান্তৰ উন্মোচন

  • News18 Assam
  • Last Updated: September 14, 2020, 11:40 PM IST
  • Share this:
গুৱাহাটীৰ প্ৰশান্ত পথস্থিত শিশু শিক্ষা সমিতি, অসমৰ প্ৰান্তীয় কাৰ্যালয় 'বিদ্যা ভাৰতী ভৱন’ত সোমবাৰৰ পৰা আৰম্ভ হৈছে পূৰ্ণকালীন কাৰ্যকৰ্তাৰ তিনিদিনীয়া বৈঠক। বৈঠকত বিদ্যা ভাৰতীৰ দ্বাৰা আয়োজিত MyNEP প্ৰতিযোগিতাৰ প্ৰদৰ্শনীমূলক ভিডিঅ’ৰ অসমীয়া ৰূপান্তৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

ভিডিঅ'টো উন্মোচন কৰে শিশু শিক্ষা সমিতি, অসমৰ যুটীয়া সম্পাদক জগন্নাথ ৰাজবংশীয়ে। উক্ত বৈঠকত উপস্থিত থাকে শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতী আৰু সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰ। অনুষ্ঠানটোৰ আঁত ধৰে MyNEPৰ অসম প্ৰান্তৰ সংযোজক লালজী সোণাৰীয়ে।

উল্লেখ্য যে, অলপতে গৃহীত হোৱা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰতি সকলোৰে মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে যোৱা ১১ ছেপ্তেম্বৰৰ পৰা ৰাষ্ট্ৰজোৰা সজাগতা অভিযান বিদ্যা ভাৰতীয়ে আৰম্ভ কৰিছে। এই নীতিৰ অন্তৰ্গত সংশোধনৰ পৰিসীমা, মাপকাঠি আৰু ইয়াৰ প্ৰভাৱৰ ওপৰত বিস্তৃতভাৱে আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ লগতে প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ’ব। ২৫ চেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈকে অনলাইনযোগে সামাজিক মাধ্যম আৰু ৱেবচাইট (www.mynep.in)ৰ জৰিয়তে বিভিন্ন আকৰ্ষণীয় প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।

My-NEP প্ৰতিযোগিতা মুঠ ১৩ টা ভাষাত ভাৰতকেন্দ্ৰিক, সমগ্ৰ শিক্ষা, জ্ঞান আধাৰিত আৰু গুণগত শিক্ষা এই চাৰিটা উপ বিষয়ত অনুষ্ঠিত কৰা হ’ব। এই প্ৰতিযোগিতাক তিনিটা শাখাত বিভাজিত কৰা হৈছে- নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এটা শাখা, স্নাতক পৰ্যায়ৰ বাবে দ্বিতীয় শাখা আৰু নাগৰিকসকলৰ বাবে তৃতীয়টো শাখা। প্ৰতিটো শাখাৰ বিজয়ী প্ৰতিযোগীসকলক আকৰ্ষণীয় পুৰস্কাৰ প্ৰদান কৰা হ’ব।
Published by: Himangshu Bhuyan
First published: September 14, 2020, 11:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading