দৰং জিলাৰ ঢলপুৰৰ গৰুখুটিত চলা উচ্ছেদ অভিযানত উত্তপ্ত পৰিস্থিতি। প্ৰতিবাদে এনে ভয়ংকৰ ৰূপ লয় যে, আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়। পুৱাৰে পৰা উচ্ছেদৰ বিৰোধিতাৰে একাংশ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। পিছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। ঘটনাত এজন প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে, ১১ জন আৰক্ষীৰ লোক আৰু একাধিক প্ৰতিবাদকাৰী গুৰুতৰ ভাবে আহত হয়।
এতিয়া ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। লগতে মুখ্যমন্ত্ৰীয়ে গৰুখুটিত শান্তি ভংগ কৰা লোকক চিনাক্ত কৰাৰ নিৰ্দেশ দিছে। পৰিকল্পিত ভাবে আৰক্ষীৰ ওপৰত আক্ৰমণ চলিছিল নেকি, সেই দিশতো তদন্ত প্ৰক্ৰিয়া চলিব।
উল্লেখ্য যে, আজি চলি থকা প্ৰতিবাদৰ সময়ত একাংশ লোকে আৰক্ষীলৈ শিল-ইটা দলীয়াই। ফলত আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰে। কিন্তু তাৰ মাজতে ছচিয়েল মিডিয়াত এখন ফটোৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ লগতে হাতত কেমেৰা লৈ থকা এজন ব্যক্তিয়েও প্ৰতিবাদকাৰীক আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। আনকি বিজয় বনিয়া নামৰ লোকজনে মৃত প্ৰতিবাদকাৰীজনক গচকা দেখিবলৈ পোৱা গৈছে। এতিয়া ফটোগ্ৰাফাৰ জনক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : September 23, 2021, 19:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।