ছিপাঝাৰৰ ঘটনাকলৈ ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ তদন্ত ঘোষণা ৷ আজিৰ ঘটনাত দুজন নিহত হৈছে আৰু বহুকেইজন আহত হৈছে ৷ বহুকেইজন আৰক্ষীৰ জোৱানো উচ্ছেদ অভিযানৰ সময়ত দুস্কৃতিকাৰীয়ে কৰা আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৷
ছিপাঝাৰৰ আক্ৰমণৰ ঘটনাক লৈ ৰাজ্য চৰকাৰে ন্যায়িক তদন্তৰ ঘোষণা কৰিছে ৷ গৃহ আৰু ৰাজনৈতিক বিভাগে ঘোষণা কৰা মতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত গঠিত এক তদন্তত কমিটিয়ে তদন্ত কৰিব ছিপাঝাৰৰ ঘটনা ৷
Published by: Kokil Sarma
FIRST PUBLISHED : September 23, 2021, 23:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।