মুখ্যপৃষ্ঠা »খবৰ »অসম »Sipajhar Eviction: প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত আৰক্ষী জোৱান মুনিৰ আহমেদ সংকটজনক অৱস্থাত

Sipajhar Eviction: প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত আৰক্ষী জোৱান মুনিৰ আহমেদ সংকটজনক অৱস্থাত

পুৱা ১০ বজাত পুনৰ চলিব উচ্ছেদ অভিযান, বহিঃৰাজ্যৰ পৰা আহি আছে অৰ্ধসামৰিক বাহিনী

পুৱা ১০ বজাত পুনৰ চলিব উচ্ছেদ অভিযান, বহিঃৰাজ্যৰ পৰা আহি আছে অৰ্ধসামৰিক বাহিনী

  • Share this:

উচ্ছেদ অভিযানক লৈ ৰণথলীত পৰিণত হোৱা গৰুখুঁটিৰ ধলপুৰত প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত আৰক্ষী জোৱানৰ ৫৮ বছৰীয়া মুনিৰ আহেমদ সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত চলা সংঘাতত আৰক্ষীকে ধৰি ৫গৰাকী আহত হৈছিল।


এইসকলৰ ভিতৰত ৩ আৰক্ষী জোৱান হ'ল কাহিলীপাৰাৰ মুনিৰ আহমেদ– যি চকু আৰু মূৰত আঘাত পাই এতিয়া সংকটজনক অৱস্থাত আছে, আৰক্ষী জোৱান অমৃত ৰাজ চৌধুৰী (৩৭) আৰু লখৰাৰ অপূৰ্ব ৰংহাং (৩৫)। আনহাতে ঘটনাত নাৰায়ণ শৰ্মা নামৰ এগৰাকী আৰক্ষী জোৱান আহত হৈছিল যদিও তেওঁক ইতিমধ্যে ৰিলিজ দিয়া হৈছে।


 প্ৰতিবাদকাৰী ৰেজিয়া খাতুন আৰু জলিল হকৰো ছিপাঝাৰ স্বাস্থ্যকেন্দ্ৰত চিকিৎসা চলি আছে। ইয়াৰ লগতে আৰক্ষীৰ গুলীত নিহত এজনক ৰখা হৈছে ছিপাঝাৰ প্ৰাথমিক তথা সামুহিক স্বাস্থ্য কেন্দ্ৰত।


উল্লেখ্য আমছুৱে দৰং জিলা বন্ধ ঘোষণা কৰিছে। আনহাতে ৰাজ্য চৰকাৰে পুনৰ উচ্ছেদ অভিযান চলা‍বলৈ আজি নিশাই অৰ্ধসামৰিক বাহিনীৰ কেইবাটাও দল গৰুখুঁটিলৈ পঠিয়াইছে। জানিব পৰা মতে, বহিঃৰাজ্যৰ পৰাও অৰ্ধসামৰিক বাহিনী ছিপাঝাৰলৈ অনা হ'ব। পুৱা ১০ বজাত পুনৰ উচ্ছেদ অভিযান চলাব চৰকৰে।

শেহতীয়া বাতৰি