মুখ্যপৃষ্ঠা » খবৰ

» অসম

»'প্ৰচাৰ, বিজ্ঞাপনতে সীমাবদ্ধ ছিপাঝাৰৰ ৭৭,৪২০ বিঘা ভূমি উচ্ছেদ'- অভিযোগ প্ৰব্ৰজন বিৰোধী মঞ্চৰ উপমন্যু হাজৰিকাৰ

'প্ৰচাৰ, বিজ্ঞাপনতে সীমাবদ্ধ ছিপাঝাৰৰ ৭৭,৪২০ বিঘা ভূমি উচ্ছেদ'- অভিযোগ প্ৰব্ৰজন বিৰোধী মঞ্চৰ উপমন্যু হাজৰিকাৰ

News18 Assam | News18-Assam
Updated:September 15, 2021, 4:35 PM IST
'প্ৰচাৰ, বিজ্ঞাপনতে সীমাবদ্ধ ছিপাঝাৰৰ ৭৭,৪২০ বিঘা ভূমি উচ্ছেদ'- অভিযোগ প্ৰব্ৰজন বিৰোধী মঞ্চৰ উপমন্যু হাজৰিকাৰ
'ছিপাঝাৰৰ গৰুখুঁটিত উচ্ছেদৰ নাটক, এজনো সন্দেহযুক্ত লোকক আঁতৰাবলৈ সক্ষম নহ'ল চৰকাৰ।'

'ছিপাঝাৰৰ গৰুখুঁটিত উচ্ছেদৰ নাটক, এজনো সন্দেহযুক্ত লোকক আঁতৰাবলৈ সক্ষম নহ'ল চৰকাৰ।'

  • News18 Assam
  • Last Updated: September 15, 2021, 4:35 PM IST
  • Share this:
'প্ৰচাৰ, বিজ্ঞাপনতে সীমাবদ্ধ ছিপাঝাৰৰ ৭৭,৪২০ বিঘা ভূমি উচ্ছেদ।'-এই গুৰুতৰ অভিযোগ প্ৰব্ৰজন বিৰোধী মঞ্চৰ উপমন্যু হাজৰিকাৰ ৷

সংবাদমেল সম্বোধন কৰি উপমন্যু হাজৰিকাই কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণৰ পিছতে ছিপাঝাৰৰ ৭৭,৪২০ বিঘা বেদখল ভূমি উচ্ছেদৰ প্ৰতিশ্ৰুতি দিছিল অঞ্চলবাসীক ৷ প্ৰতিশ্ৰুতি অনুসৰি অতি কম দিনৰ ভিতৰতে অঞ্চলটো বেদখল মুক্ত অঞ্চল বুলি দাবী কৰিছিল ৰাজ্য চৰকাৰৰ বাজেটে ৷ পিছে, ৰাজ্য চৰকাৰৰ বাজেট প্ৰতিলিপিৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে ছিপাঝাৰত ৷ ঢলপুৰ মন্দিৰৰ ১২০ বিঘা ভূমিৰ বাহিৰে কোনো অঞ্চলত নহ'ল উচ্ছেদ ৷

কেৱল ইমানেই নহয়, ৰাজ্য চৰকাৰে আৰম্ভ কৰিবলগীয়া কৃষি প্ৰকল্পৰ জৰিয়তে হাজাৰ হাজাৰ খিলঞ্জীয়া লোক ভূমিহীন হোৱাৰ আশংকা প্ৰকাশ কৰিছে প্ৰব্ৰজন বিৰোধী মঞ্চ নামৰ সংগঠনটোৱে ৷ লগতে ৰাজ্য চৰকাৰলৈ সংগঠনটোৰ প্ৰশ্ন, চৰকাৰৰ এনে সোপা-ঢিলা পদক্ষেপৰ ফলত সন্দেহজনক লোকে লাভ কৰিব নেকি ভূমিৰ পাট্টা?

একেসময়তে ঢলপুৰ মন্দিৰৰ ভূমি উচ্ছেদিত পৰিয়ালক ২ বিঘা ভূমি প্ৰদানৰ ঘোষণা স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীৰ।
Published by: Himangshu Bhuyan
First published: September 15, 2021, 4:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি