মুখ্যপৃষ্ঠা »খবৰ »অসম »জ্বলিছে ছিপাঝাৰৰ গৰুখুটি! পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনা, এজন প্ৰতিবাদকাৰীৰ মৃত্যু

জ্বলিছে ছিপাঝাৰৰ গৰুখুটি! পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনা, এজন প্ৰতিবাদকাৰীৰ মৃত্যু

representative image

representative image

বৃহস্পতিবাৰে ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰ বজাৰ এৰিয়া, পশ্চিম চুবা, ১ নং ধলপুৰ আৰু ৩ নং ধলপুৰত পৃথকে পৃথকে চলাইছে উচ্ছেদ অভিযান।

  • Share this:
ছিপাঝাৰৰ গৰুখুটিত উত্তপ্ত পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনা। ঘটনাত এজন প্ৰতিবাদকাৰীৰ নিহত হোৱাৰ লগতে ১১ জন আৰক্ষীৰ লোক গুৰুতৰ ভাবে আহত হৈছে।  ইয়াৰে এজন আৰক্ষী লোকৰ অৱস্থা সংকটজনক। প্ৰতিবাদকৰীয়ে আৰক্ষীলৈ লক্ষ্য কৰি শিল, ইটা আদি নিক্ষেপ কৰিছে।

বৃহস্পতিবাৰে ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰ বজাৰ এৰিয়া, পশ্চিম চুবা, ১ নং ধলপুৰ আৰু ৩ নং ধলপুৰত পৃথকে পৃথকে চলাইছে উচ্ছেদ অভিযান। কিন্তু ১ নং ধলপুৰ আৰু ৩ নং ধলপুৰত পুৱাৰে পৰা উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি আছে।

শেহতীয়া বাতৰি