মুখ্যপৃষ্ঠা »খবৰ »অসম »উচ্ছেদিতৰ প্ৰতিবাদে কঁপাইছে ছিপাঝাৰ! লাঠি লৈ আৰক্ষীলৈ চোঁচা প্ৰতিবাদকাৰীৰ, আৰক্ষীৰ গুলীচালনা

উচ্ছেদিতৰ প্ৰতিবাদে কঁপাইছে ছিপাঝাৰ! লাঠি লৈ আৰক্ষীলৈ চোঁচা প্ৰতিবাদকাৰীৰ, আৰক্ষীৰ গুলীচালনা

ছিপাঝাৰৰ ধলপুৰত উত্তপ্ত পৰিস্থিতি।ছিপাঝাৰৰ ধলপুৰত উত্তপ্ত পৰিস্থিতি।

ছিপাঝাৰৰ ধলপুৰত উত্তপ্ত পৰিস্থিতি।ছিপাঝাৰৰ ধলপুৰত উত্তপ্ত পৰিস্থিতি।

ছিপাঝাৰৰ ধলপুৰত উত্তপ্ত পৰিস্থিতি।ছিপাঝাৰৰ ধলপুৰত উত্তপ্ত পৰিস্থিতি।

  • Share this:
ছিপাঝাৰ ধলপুৰত চলিছে বৃহৎ উচ্ছেদ অভিযান। বৃহস্পতিবাৰে ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰ বজাৰ এৰিয়া, পশ্চিম চুবা, ১ নং ধলপুৰ আৰু ৩ নং ধলপুৰত পৃথকে পৃথকে চলাইছে উচ্ছেদ অভিযান। কিন্তু ১ নং ধলপুৰ আৰু ৩ নং ধলপুৰত উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে পৰিস্থিতি জটিল কৰি তুলিছে। আনকি অভিযোগ অনুসৰি, একাংশই হাতে হাতে লাঠি লৈ আৰক্ষীলৈ চোঁচা লৈছে। ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলী চলাবলগীয়া হৈছে।



সোমবাৰেও ৪,৫০০ বিঘা ভূমিত উচ্ছেদ চলোৱা হৈছিল।  আৰু তাৰ পিছৰ পৰাই ছিপাঝাৰৰ এই উচ্ছেদিত লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। আজিৰ দিনটোত প্ৰতিবাদ ইমানেই তীব্ৰতৰ হৈছে যে, আৰক্ষীয়ে প্ৰৱেশ কৰিব পৰা নাই। আজিৰ দিনটোত ৬০০ পৰিয়ালক উচ্ছেদ কৰাৰ কথা আছিল।

শেহতীয়া বাতৰি