ছিপাঝাৰত প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত ৩ গৰাকী আৰক্ষী GMCH ত চিকিৎসাধীন। আৰক্ষী তিনিগৰাকী হৈছে অমৃত ৰায় চৌধুৰী, অপূৰ্ব ৰাহাং আৰু মুনীৰ আহমেদ। মুনীৰ আহমেদৰ স্বাস্হ্য সংকটমুক্ত নহয়, যদিও চিন্তাৰ কোনো কাৰণ নাই বুলি উল্লেখ GMCHৰ অধীক্ষকৰ।
আনহাতে সাধাৰণ লোকৰ ভিতৰত ৮ জন লোক চিকিৎসাধীন। ইয়াৰে এগৰাকী ১৩ বছৰীয়া কিশোৰ। দুগৰাকী বুলেটত আঘাট প্ৰাপ্ত, এতিয়ালৈ কোনো লোকৰ চিন্তাৰ কাৰণ নাই। আহত ৰেজিয়া খাতুনৰ পেটত বুলেট সোমাইছে যদিও চিন্তাৰ কোনো কাৰণ নাই। অষ্ট্ৰোপচাৰৰ এতিয়াই প্ৰয়োজন নাই বুলি মন্তব্য কৰে GMCHৰ অধীক্ষক অভিজিত শৰ্মাই। ৩জন অৰ্থোপেডিক বিভাগত আৰু ৫ জন চাৰ্জাৰী বিভাগত চিকিৎসাধীন হৈ আছে।
Published by: Kokil Sarma
FIRST PUBLISHED : September 24, 2021, 09:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।