যিমানেই সময় গৈছে সিমানেই গৰুখুঁটিৰ ধলপুৰৰ ঘটনাক লৈ অধিক সৰৱ হৈছে বিজেপি ৷ গৰুখুঁটিৰ ঘটনাত বাৰে বাৰে PFI জড়িত বুলি কৈয়েই ক্ষান্ত হোৱা নাই বিজেপি নেতৃত্ব ৷ এইবাৰ বিজেপি নেতাৰ মুখত ঠাই পালে কংগ্ৰেছৰ বাঘবৰৰ বিধায়ক শ্বেৰমান আলীৰ নামো৷
বিজেপিৰ মতে, শ্বেৰমান আলী PFIৰ এজেণ্ট! বিজেপিয়ে এই সময়ত দেখা পাইছে POPULAR FRONT OF INDIA চমুকৈ PFI আৰু কংগ্ৰেছৰ মাজত যোগসূত্ৰ ৷
শনিবাৰে এক প্ৰেছ বিবৃতিত ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ মুখপাত্ৰ সুভাষ দত্তই কয়, "কংগ্ৰেছৰ সভাপতিকে ধৰি নেতাসকলৰ যোৱা দুটা দিনত আচৰণ আৰু উচটনিমূলক বিবৃতিবিলাকে আকৌ এবাৰ গৰুখুঁটিৰ কাণ্ডত ৰাষ্ট্ৰবিৰোধী শক্তিৰ লগত এইসকল কংগ্ৰেছৰ নেতাৰ দহৰম মহৰম দিনৰ পোহৰৰ দৰে জলজল পটপট হৈ পৰিছে ৷ অসমীয়া জাতিৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত এইসকলৰ কুকৰ্ম ৰাইজৰ সন্মুখত স্পষ্ট হৈ পৰিছে ।''
তেওঁ পুনৰ কয়– ''মিঞা মিউজিয়ামৰ দাবী PFIৰ এজেণ্ডা নেকি এয়াও ভবাৰ থল আছে। কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী PFIএজেণ্ট । PFIৰ সভাত মুকলিকৈ ভাষণ দিয়া এইজন কংগ্ৰেছৰ বহুবল্কি বিধায়কৰ কুকৰ্ম PFIৰ ফেচবুক একাউণ্টত প্ৰকাশ হৈছে । শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়ামৰ দাবী অসমক ইছলামিক ৰাষ্ট্ৰত চামিল কৰাৰ গোপন এজেণ্ডাৰ অন্য এক ব্লু প্ৰিন্ট, যাক শ্বেৰমান আলীৰ দৰে একাংশ ৰাষ্ট্ৰবিৰোধী ব্যক্তিৰ যোগেদি ৰূপায়ণ কৰাৰ অভিসন্ধি ৰচনা কৰা হৈছিল। এয়া ভয়ংকৰ ভৱিষ্যতৰ আগজাননী৷"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|