• Home
  • »
  • News
  • »
  • assam
  • »
  • Zubeen Garg : ৫ বজাত গুৱাহাটী আহি পাব জুবিন গাৰ্গ, ডিব্ৰুগড় বিমানবন্দৰলৈ অনা হৈছে শিল্পীগৰাকীক

Zubeen Garg : ৫ বজাত গুৱাহাটী আহি পাব জুবিন গাৰ্গ, ডিব্ৰুগড় বিমানবন্দৰলৈ অনা হৈছে শিল্পীগৰাকীক

পৰিয়ালৰ সন্মতি সাপেক্ষে আয়ূৰসুন্দ্ৰাত ভৰ্তি কৰোৱা হ'ব শিল্পীগৰাকীক।

পৰিয়ালৰ সন্মতি সাপেক্ষে আয়ূৰসুন্দ্ৰাত ভৰ্তি কৰোৱা হ'ব শিল্পীগৰাকীক।

পৰিয়ালৰ সন্মতি সাপেক্ষে আয়ূৰসুন্দ্ৰাত ভৰ্তি কৰোৱা হ'ব শিল্পীগৰাকীক।

  • Share this:
শিল্পী জুবিন গাৰ্গক ইতিমধ্যে ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালৰ পৰা উলিয়াই অনা হৈছে। তেওঁক ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰলৈ অনা হৈছে আৰু ইয়াৰ পৰা বিমানেৰে গুৱাহাটীলৈ অনা হ'ব। ডিব্ৰুগড়ৰ বিমানবন্দৰত ৩.৫০ বজাত এয়াৰ এম্বুলেন্স অৱতৰণ কৰিছে আৰু ৪.২০ বজাত তাৰ পৰা দ্বাৰা গুৱাহাটীলৈ শিল্পীগৰাকীক অনা হ'ব।

গুৱাহাটীত আয়ূৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হ’ব জুবিনক (Zubeen Garg)। জিএমচিএইচৰ এম্বুলেন্সেৰে আনি ভৰ্তি কৰোৱা হ’ব আয়ূৰসুন্দ্ৰা হাস্পতালত। পৰিয়ালৰ সন্মতি সাপেক্ষে আয়ূৰসুন্দ্ৰাত ভৰ্তি কৰোৱা হ'ব শিল্পীগৰাকীক। বৰ্তমান জুবিনৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছে চিকিৎসকে।

উল্লেখ্য, বাথৰুমত পৰি মূৰত আঘাত পাইছিল জুবিনে (Zubeen Garg Suffers Head Injury)। ইয়াৰ পিছতে তেওঁৰ স্বাস্থ্যক লৈ ৰাজ্যজুৰি উদ্বিগ্নতা পৰিলক্ষিত হৈছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো শিল্পীগৰাকীৰ চিকিৎসাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।
Published by:Gautam Barman
First published: