Zubeen Garg : "গাড়ীৰ হৰ্ণৰ সলনি মিউজিক লগোৱাটো অদ্ভুত কথা। যিজনে কৈছে সেইজনেই নিজৰ গাড়ীত লগাওক।"
Zubeen Garg : "গাড়ীৰ হৰ্ণৰ সলনি মিউজিক লগোৱাটো অদ্ভুত কথা। যিজনে কৈছে সেইজনেই নিজৰ গাড়ীত লগাওক।"
"মিউজিক কেৱল ষ্টুডিঅ'ৰ বাবেহে। গাড়ীৰ হৰ্ণৰ সলনি মিউজিক লগোৱাটো অদ্ভুত কথা। যদি মিউজিক গাড়ীৰ হৰ্ণ (Vehicle Horn)ত বাজে আমি কি বজাম। যিজনে কৈছে সেইজনেই নিজৰ গাড়ীত লগাওক।" নগাঁৱত এই মন্তব্য জনপ্ৰিয় শিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ'ৱ জুবিন গাৰ্গ (Zubeen Garg)ৰ। উল্লেখ্য যে শেহতীয়াকৈ গাড়ীৰ হৰ্ণৰ ঠাইত ভাৰতীয় সংগীত বাজিব বুলি ওলোৱা বাতৰিক লৈ এই প্ৰতিক্ৰিয়া জুবিন গাৰ্গৰ।
নগাঁৱৰ ফৌজদাৰীপট্টিত বিধায়ক ৰূপক শৰ্মাৰ সৈতে সীতাজখলাৰ এখন বিপণীৰ শুভ উদ্বোধন কৰা শিল্পী গৰাকীয়ে অসমৰ যুৱ প্ৰজন্মক কৃষি ক্ষেত্ৰত জড়িত হোৱাৰ বাবে আহ্বান জনায়। নগাঁৱত এটি ভাল ছবি ঘৰ নিৰ্মাণৰ বাবেও শিল্পী গৰাকীয়ে বিধায়ক তথা তেঁওৰ বন্ধু ৰূপক শৰ্মা (Rupak Sarma)ৰ সৈতে পৰিকল্পনা কৰিছে বুলিও জনায়।
ইপিনে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰত জুবিনে কয়, "চৰকাৰখনৰ মতে চলক। অলপ ধৈৰ্য্য ধৰক। নৱেম্বৰৰ পৰা ভাল দিন আহিব। মই নিজেও বৃন্দাবন থিয়েটাৰৰ সৈতে জড়িত। কিন্তু এতিয়াও আমি অলপ ধৈৰ্য্য ধৰিব লাগিব।"
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|