জুবিনৰ প্ৰকৃতিপ্ৰেমৰ কথা আমি সকলোৱে জানো। গছ–গছনিৰ লগতে পশু–পক্ষীকো খুব মৰম কৰে জুবিনে। আনকি বিহু মঞ্চকে ধৰি বিভিন্ন অনুষ্ঠানতো জুবিনে গছপুলি ৰোপণ কৰাৰ পৰামৰ্শ দিয়া দেখা পাইছো। জুবিনৰ নিজৰ ঘৰখনো গছ–গছনি, পশু–পক্ষীৰে ভৰা। আজি পুনৰ নগাঁৱত দেখা গ’ল জুবিনৰ প্ৰকৃতি প্ৰেম।
গছত গজাল মাৰি বেনাৰ-পোষ্টাৰ লগোৱা কাৰ্যৰ বিৰুদ্ধে জুবিন ফেন ক্লাবৰ উদ্যোগত নগাঁৱৰ শেণছোৱাত এক সজাগতামূলক অভিযানত ভাগ ল’লে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গে। শেণছোৱাত জুবিন ফেন ক্লাবৰ উদ্যোগত হোৱা সজাগতামূলক অভিযানত ভাগ লৈ জুবিন গাৰ্গৰ আহ্বান – ‘গছত গজাল নামাৰিব, গছক আঘাত নকৰিব’।
তেজপুৰৰ পৰা গুৱাহাটীলৈ গৈ থকাৰ পথত জুবিনে শেণছোৱা ৰে’ল ক্ৰছিঙৰ সমীপত এই সজাগতামূলক অনুষ্ঠানত ভাগ লয়।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|