বজালীৰ আমদহ বৰলাৰ গোপীনাথ মহাপ্রভুৰ সভা মহোৎসৱৰ সামৰণী অনুষ্ঠানত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানে মোহাচ্ছন্ন কৰিলে হাজাৰ হাজাৰ অনুৰাগীক। সংগীতানুষ্ঠানৰ মাজতে শিল্পী জুবিন গাৰ্গে ক'লে বহু কথা।
এইবাৰ জুবিন গাৰ্গে চেলেঞ্জ দিলে ছলমান খান (Salman Khan)ক। তেওঁ ক'লে- ''পাঠান' নমাই দিলোঁতো, নেক্স টাইম ছলমান খানক নমাই দিম।''
প্ৰসংগতো আহিছিল দৰ্শকে য়া আলী গান গাবলৈ জুবিন (Zubeen Garg)ক অনুৰোধ কৰাৰ সময়ত। গাৰ্গে কয়- য়া আলী বহুত পুৰণি হৈ গল। এতিয়া নতুন চিনেমা, নতুন কথা। এতিয়া অসমীয়া চিনেমাৰ গান গাম, হিন্দী চিনেমাৰ গান নাগাওঁ। পূৰ্বে মোক হিন্দী গান গোৱা বাবে কৈছিল কিয় হিন্দী গীত গাব লাগে। তেতিয়া মই কৈছিলো গামেই। কিন্তু এতিয়া অসমীয়া গান গাম। অসমীয়া চিনেমাৰ গান।''\
তেওঁ পুনৰ কয়- এতিয়া বহুত বেছি অসমীয়া হ'ব লাগিব। সবেই হৈ আছে, মহাৰাষ্ট্ৰ হৈ আছে, বেংগল হৈ আছে, ছাউথ ইণ্ডিয়া হৈ আছে, গতিকে আমিও অসমীয়া হ'ব লাগিব। We Need to be Assamese।''
গাৰ্গে ৰাইজক অসমীয়া চিনেমা (Assamese Cinema) চোৱাৰ বাবে আহ্বান জনায়। প্ৰচণ্ড শীতক নেওচি হাজাৰ হাজাৰ দৰ্শকে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান প্ৰত্যক্ষ কৰা পৰিলক্ষিত হয়। গীতৰ মাজে মাজে বজেইলা ভাষাতো কথা কয় গাৰ্গে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|