• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘মই BA পাছ কৰা নাই, কিন্তু ১২ হাজাৰমান কিতাপ পঢ়িছো’ – কিয় ক’লে জুবিনে?

‘মই BA পাছ কৰা নাই, কিন্তু ১২ হাজাৰমান কিতাপ পঢ়িছো’ – কিয় ক’লে জুবিনে?

‘কা’ আন্দোলনক লৈ জুবিনে ক’লে – ‘কা’ আন্দোলনৰ প্ৰতি সমৰ্থন আছে যদিও এইবাৰ ‘কা’ আন্দোলনত ভাগ নলওঁ।’

‘কা’ আন্দোলনক লৈ জুবিনে ক’লে – ‘কা’ আন্দোলনৰ প্ৰতি সমৰ্থন আছে যদিও এইবাৰ ‘কা’ আন্দোলনত ভাগ নলওঁ।’

‘কা’ আন্দোলনক লৈ জুবিনে ক’লে – ‘কা’ আন্দোলনৰ প্ৰতি সমৰ্থন আছে যদিও এইবাৰ ‘কা’ আন্দোলনত ভাগ নলওঁ।’

  • Share this:
‘শিক্ষা বস্তুটো মোৰ কাৰণে অলপ বেলেগ। মই বি এ পাছ কৰাই নাই, কিন্তু ১২ হাজাৰ মান কিতাপ পঢ়িছো।’ – এই মন্তব্য যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ। ‘কা’ আন্দোলনক লৈও পুনৰ জুবিনে প্ৰকাশ কৰিলে নিজৰ প্ৰতিক্ৰিয়া।

সোমবাৰে চন্দ্ৰপুৰত বৃন্দাবন থিয়েটাৰৰ শুভ নাট্যৰম্ভ অনুষ্ঠানত উপস্থিত থাকে জুবিন গাৰ্গ। মঞ্চৰ ফিটা কাটি নাটকৰ শুভ উদ্বোধন কৰে হাৰ্টথ্ৰব জুবিন গাৰ্গে। অনুষ্ঠানত অসমৰ শিল্পী জগতৰ কেইবাগাৰকীও শিল্পীৰ লগতে ৰাজ্য চৰকাৰৰ দুগৰাকী বিধায়ক ৰূপক শৰ্মা আৰু দিগন্ত বৰ্মন উপস্থিত থাকে। লগতে কেইবাগৰাকীও যুৱ নাট্যকাৰ আৰু পৰিচালক উপস্থিত থাকে।

এই অনুষ্ঠানৰ অন্তত জুবিন গাৰ্গক সাংবাদিকে অসমৰ শিক্ষা ক্ষেত্ৰক লৈ কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘‘শিক্ষা বস্তুটো মোৰ কাৰণে অলপ বেলেগ। কাৰণ মই BA পাছে কৰা নাই। কিন্তু মই ১২ হাজাৰ মান কিতাপ পঢ়িছো। গতিকে এই ক্ষেত্ৰত কিবা কোৱাৰ আগত মই চাব লাগিব।’’

সকলোকে থিয়েটাৰ চোৱাৰ লগতে অসমীয়া চিনেমা চাবলৈ আহ্বান জনাই জুবিনে ‘কা’ আন্দোলনক লৈ প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। ‘কা’ আন্দোলনক লৈ জুবিনে ক’লে – ‘কা’ আন্দোলনৰ প্ৰতি সমৰ্থন আছে যদিও এইবাৰ ‘কা’ আন্দোলনত ভাগ নলওঁ।’
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি