உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মোদী চৰকাৰে অসমীয়াটো শিকি লওক – সাহিত্য সভাৰ মঞ্চত আৰু কি ক’লে জুবিনে?

    মোদী চৰকাৰে অসমীয়াটো শিকি লওক – সাহিত্য সভাৰ মঞ্চত আৰু কি ক’লে জুবিনে?

    সাহিত্য সভাত বলীউদৰ শিল্পী কৈলাশ খেৰৰ অনুষ্ঠানক লৈ হোৱা বিতৰ্কক লৈও মন্তব্য কৰে জুবিন গাৰ্গে।

    সাহিত্য সভাত বলীউদৰ শিল্পী কৈলাশ খেৰৰ অনুষ্ঠানক লৈ হোৱা বিতৰ্কক লৈও মন্তব্য কৰে জুবিন গাৰ্গে।

    সাহিত্য সভাত বলীউদৰ শিল্পী কৈলাশ খেৰৰ অনুষ্ঠানক লৈ হোৱা বিতৰ্কক লৈও মন্তব্য কৰে জুবিন গাৰ্গে।

    • Share this:
    সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ অন্তিম নিশা সংগীতানুষ্ঠান পৰিৱেশন কৰে জুবিন গাৰ্গে। জুবিন গালে কেইবাটাও জনপ্ৰিয় অসমীয়া, বেংগলীৰ লগতে হিন্দী গীত। হাজাৰ হাজাৰ লোকে উপভোগ কৰিলে জুবিনৰ সংগীতানুষ্ঠান।

    সাহিত্য সভাত বলীউদৰ শিল্পী কৈলাশ খেৰৰ অনুষ্ঠানক লৈ হোৱা বিতৰ্কক লৈও মন্তব্য কৰে জুবিন গাৰ্গে। জুবিনে কয় – ‘কৈলাশ খেৰ এনেকুৱা গায়ক নহয় যে তেওঁৰ গানত উদ্দাম নৃত্য কৰিব, মাইকেল জেকশ্যন আহিলে বেলেগ কথা। এইবিলাক খং উঠে। কোনোবাই যদি কমপ্লেইন কৰিছে, প্ৰথম মই আছো, গালি পাৰিম।’

    ‘অসমীয়া সাহিত্য, হিন্দী সাহিত্য, বেংগলী সাহিত্য, সকলো এটা ঠাইৰ পৰাই আহিছে, সেয়া হ’ল সংস্কৃত। তাৰ আগতে আছিল পালি, তাৰ আগতে আছিল প্ৰাকৃত। পালি–প্ৰাকৃতৰ পৰা হিন্দী, অসমীয়া, বেংগলী, সেয়াই আমি।’ – মন্তব্য জুবিনৰ।

    অনুষ্ঠানত মোদী চৰকাৰক লৈও মন্তব্য কৰে জুবিনে। এছ ডি বৰ্মন আৰু ৰাজেশ খান্নাৰ এটা কাহিনী উল্লেখ কৰি জুবিনে কয় যে এদিন এছ ডি বৰ্মনে ৰাজেশ খান্নাৰ লগত কথা পাতি আছে। ৰাজেশ খান্নাই কৈ আছে হিন্দীত, তেওঁ কৈ আছে বেংগলীত। তেতিয়া আৰ ডি বৰ্মনে এছ ডি বৰ্মনক কৈছিল যে আপুনি হিন্দীটো শিকি নলয় কিয়? তেতিয়া এছ ডি বৰ্মনে কৈছিল যে আগতে তেওঁ বেংগলীটো শিকি লওক। জাতীয়তাবোধ তেনেকুৱা হ’ব লাগে। এতিয়া মোদী চৰকাৰে অসমীয়াটো শিকি লওক। তেতিয়া আমাক বুজি পাব।
    Published by:Sanjay Kumar Das
    First published: