ফিল্মফেয়াৰলৈ যাবনে নাযায় জুবিন? অজয় ফুকনক লৈ আকৌ কি ক’লে জুবিনে?

News18 Assam | News18-Assam
Updated:February 2, 2020, 10:37 AM IST
ফিল্মফেয়াৰলৈ যাবনে নাযায় জুবিন? অজয় ফুকনক লৈ আকৌ কি ক’লে জুবিনে?
এইবাৰ কলাগুৰু মহোৎসৱ অনুষ্ঠিত হৈছিল টংলাত। বিভিন্ন ৰাজ্যৰ শিল্পীৰ লগতে হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে এই মহোৎসৱত।

এইবাৰ কলাগুৰু মহোৎসৱ অনুষ্ঠিত হৈছিল টংলাত। বিভিন্ন ৰাজ্যৰ শিল্পীৰ লগতে হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে এই মহোৎসৱত।

  • Share this:
‘ফিল্মফেয়াৰলৈ যদি মোক মাতে মই যাম। ফিল্মফেয়াৰৰ নিচিনা অনুষ্ঠান হ’ব লাগে, সেইটো মই বন্ধ কৰিবলৈ কোৱা নাই। খেল বন্ধ হ’ব নোৱাৰে, খেলো ইণ্ডিয়াৰ গান ময়েই গাইছো।’ – টংলাত কলাগুৰু সংগীত মহোৎসৱৰ বাকৰিত এই মন্তব্য জুবিন গাৰ্গৰ।

জুবিন গাৰ্গে কয় – CAAক লৈ আমাৰ আন্দোলন চলি আছে, চলি থাকিব।’ আমি CAAৰ বিৰুদ্ধে আন্দোলন কৰিছো, ফিল্মফেয়াৰ বা খেলৰ বিৰুদ্ধে কৰা নাই। কিছুমান শিল্পীয়ে ভুলকে লৈছে কথাটো। মিউজিক, স্প’ৰ্টছ আমি বৰ্জন কৰিব নোৱাৰো। সেইটো বৰ্জন কৰিলে আমাৰ নিজৰ লোকচান। অৰ্থনীতি, সাংস্কৃতিক একচেঞ্জ বৰ্জন কৰিব নোৱাৰো। ফিল্মফেয়াৰ হওক, মই ভাল পাম।

অজয় ফুকনক লৈ জুবিনে ক’লে – ‘একো নাই, সি মোৰ ভাইটি হয়। কিবা এটা খং উঠিলে, গালি পাৰিলো। গালি পাৰিছো, অলপ দুখ পাইছে, কাইলৈ আকৌ মোৰ লগত থাকিব, একো নাই। কেৱল কিছুমান কথা মোক নোসোধাকে কৰিলে মই বেয়া পাওঁ।’

নতুন ৰাজনৈতিক দল গঠনক লৈ সোধা প্ৰশ্নৰ উত্তৰত জুবিন কয় – ‘সেইটোত মই নাই। মই কোনো ৰাজনৈতিক দলত নাথাকো। যদি গঠন হয়, যিবোৰ মানুহ জড়িত থাকিব, তেওঁলোক লাগি থাকিব। দৰকাৰ হ’লে মই সহায় কৰাটো বেলেগ কথা। মূল কথা হ’ল, CAA বাতিল হ’ব লাগে, তাত আমি লাগি থাকিম। সংস্কৃতি চলি থাকিব লাগিব, খেল চলি থাকিব লাগিব, গান চলি থাকিব লাগিব, চিনেমা চলি থাকিব লাগিব, নহ’লে অসম ধ্বংস হৈ যাব।’

উল্লেখযোগ্য যে এইবাৰ কলাগুৰু মহোৎসৱ অনুষ্ঠিত হৈছিল টংলাত। বিভিন্ন ৰাজ্যৰ শিল্পীৰ লগতে হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে এই মহোৎসৱত। অহা বছৰ কলাগুৰু ফেষ্টিভেল মাজুলীত হ’ব পাৰে বুলিও মন্তব্য কৰে জুবিনে।
আৰু চাওক
পৰৱৰ্তী বাতৰি