‘মই বিজেপিকো খাতিৰ নকৰো, কংগ্ৰেছকো খাতিৰ নকৰো, এজিপিৰটো কামেই নাই’ – বৰপেটাত ক’লে জুবিনে

News18 Assam | News18-Assam
Updated:January 13, 2020, 4:31 PM IST
‘মই বিজেপিকো খাতিৰ নকৰো, কংগ্ৰেছকো খাতিৰ নকৰো, এজিপিৰটো কামেই নাই’ – বৰপেটাত ক’লে জুবিনে
মেঘালয়ৰ মুখ্যমন্ত্ৰীক প্ৰশংসা জুবিনৰ। CAAৰ বিৰুদ্ধে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কৰা মন্তব্যক প্ৰশংসা কৰি জুবিনে কয় যে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে আমাৰ বিষয়ে ইমান ভাল কথা কৈছে। আমাৰবোৰ কিন্তু নিমাত। মেঘালয়ৰ মুখ্যমন্ত্ৰীক লাল ছালাম।

  • Share this:
বৰপেটাৰ ব্যাসকুছি হাইস্কুলৰ সোণালী জয়ন্তী মহোৎসৱৰ সামৰণি অনুষ্ঠানত আকৌ নতুন ৰাজনৈতিক বিকল্পৰ ইংগিত দিলে জুবিন গাৰ্গে। নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা কৰি জুবিন ক’লে – ‘২০২১ত বিজেপি নালাগে, নতুন আহিব, কেৱল মই নাথাকো।

‘মই যেতিয়া সংগ্ৰামত সোমাইছিলো তেতিয়া সৰু আছিলো, এতিয়া ডাঙৰ হৈছো, এতিয়া ভালকৈ সোমাইছো। আমাক কোনেও পাগল কৰিব নোৱাৰে। দেশৰ কাৰণে মোক পাগল কৰিব নোৱাৰে।’ – মন্তব্য জুবিনৰ। প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহকো তীব্ৰ সমালোচনা কৰে জুবিনে।

শৃংখল চলিহাৰ প্ৰসংগ উত্থাপন কৰি জুবিনে কয় – শৃংখলক মুক্তি দিছে ভাল লাগিছে। অখিলকো মুক্তি দিলে ভাল লাগিব। মোকো এৰেষ্ট কৰিব বিচাৰিছিল। কিন্তু মোক এৰেষ্ট কৰিব নোৱাৰে, মই জে’লখন সলাই থৈ আহিম।

‘হাঁহি হাঁহি যে কান্দোন আমি নেদেখুৱাও, সেইটো আমাৰ চৰকাৰে বুজি নাপায়। বিজেপিয়ে কেৱল নোট দেখুৱাই আৰু ৰং দেখুৱাই। আমাৰ চাহ আছে, কয়লা আছে, নিজে খেতি কৰি খাম। আমাক বাংলাদেশী নালাগে।’ – অনুষ্ঠানৰ মাজতে ক’লে জুবিনে।

মেঘালয়ৰ মুখ্যমন্ত্ৰীক প্ৰশংসা জুবিনৰ। CAAৰ বিৰুদ্ধে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কৰা মন্তব্যক প্ৰশংসা কৰি জুবিনে কয় যে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে আমাৰ বিষয়ে ইমান ভাল কথা কৈছে। আমাৰবোৰ কিন্তু নিমাত। মেঘালয়ৰ মুখ্যমন্ত্ৰীক লাল ছালাম।

বিজেপি চৰকাৰক সমালোচনা কৰি জুবিনে মন্তব্য কৰে যে বিজেপিৰ বিৰুদ্ধে আকৌ আন্দোলন আছে। তেওঁলোকে পইচা দি মানুহ নিয়ে। চিধাকৈ কৈছো সকলো ল’ৰা–ছোৱালীক – তহঁতে নাযাবি।

২০২১ত চৰকাৰ সলাব লাগিব বুলি মন্তব্য কৰি জুবিনে কয় – ‘মই বিজেপিকো খাতিৰ নকৰো, কংগ্ৰেছকো খাতিৰ নকৰো, এজিপিৰটো কামেই নাই। সকলোৱে মোক ঠেলি দিয়ে, তই যা।’ উল্লেখযোগ্য যে প্ৰতিখন মঞ্চতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মাত মাতি আহিছে জুবিন গাৰ্গে।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: January 13, 2020, 4:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading