আজি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিন। ৪৮ বছৰীয়া হ’ল সকলোৰে প্ৰিয় শিল্পীগৰাকী। জুবিনৰ জন্মদিনক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন অনুৰাগীয়ে আয়োজন কৰিছে বিভিন্ন অনুষ্ঠানৰ। জুবিনৰ খাৰঘুলিৰ বাসগৃহতো ভিৰ কৰিছেহি বহু অনুৰাগীয়ে। নিজৰ প্ৰিয় শিল্পীগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাবলৈ ভিৰ কৰিছে বহু অনুৰাগীয়ে।
জুবিন মানেই ব্যতিক্ৰম। সেইবাবেই জুবিনৰ জন্মদিনো হয় ব্যতিক্ৰমী। জাক–জমকতাৰ বিপতীৰে নিজৰ জন্মদিনটোত জুবিনক কেতিয়াবা যদি দেখা যায় শিশুৰ মাজত, কেতিয়াবা আকৌ প্ৰকৃতিৰ মাজত।
আজি পুৱা ১০ বজাত কটন বিশ্ববিদ্যালয়ত উপস্থিত হ’ব জুবিন। কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ সৈতে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব জুবিনে।
অনাগত দিনবোৰত অসমৰ সংগীতৰ পথাৰখনত জুবিন সিঁচি যাওক নতুন নতুন সৃষ্টিৰ বীজ। News18 অসমৰ ফালৰ পৰাও জনপ্ৰিয় শিল্পীগৰাকীলৈ জনাইছো ওপজা দিনৰ অযুত শুভকামনা।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|