উল্লেখ্য যে প্ৰয়াত লক্ষেশ্বৰ শইকীয়া আৰু স্বৰ্ণ শইকীয়া সোঁৱৰণত আয়োজন কৰা উক্ত দিবা-নৈশ ক্ৰিকেট খেলৰ সামৰণি অনুষ্ঠানত ভৃগু কাশ্যপৰ লগতে কেইবাগৰাকীও জনপ্ৰিয় শিল্পীৰ উপস্থিতিতিত এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে।

সাংবাদিকৰ উপৰ্যুপৰি আক্ৰমণত ধৰাশায়ী হব লগা হল মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী! সাৰি নগ'ল অসমৰ জনপ্ৰিয় শিল্পী ভৃগু কাশ্যপো। অৱশ্যে এই আক্ৰমণ কোনো ৰাজনৈতিক মঞ্চ অথৱা ৰাজহুৱা যুক্তি যুদ্ধত নহয়। টীয়কৰ বৃহত্তৰ কলীয়াপানী আঞ্চলিক যুৱ মঞ্চই আয়োজন কৰা এখন দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰদৰ্শনীমুলক খেলতহে টীয়ক প্ৰেছ ক্লাৱৰ হাতত ধৰাশায়ী হয় দুয়োগৰাকী।
যোৱা ৮ ডিচেম্বৰৰ পৰা কলীয়াপানী খেলপথাৰত সদৌ অসম ভিত্তিত আয়োজন কৰা দিবা-নৈশ ক্ৰিকেট খেলৰ আজিৰ চূড়ান্ত প্ৰতিযোগীতাত অংশ ল’বলৈ আহে মৰিয়নি সমষ্টিৰ বিধায়ক আৰু যুৱপ্ৰজন্মৰ মাজত বিশেষভাৱে জনপ্ৰিয় গায়ক ভৃগু কাশ্যপ। সেই অনুসৰি ভৃগু একাদশ বনাম টীয়ক প্ৰেছ ক্লাৱৰ মাজত অনুষ্ঠিত হয় এখন প্ৰদৰ্শনীমুলক খেল। উক্ত খেলখনত টীয়ক প্ৰেছ ক্লাৱ টচত জিকি প্ৰথমে বেটিং কৰে আৰু ৫ অভাৰত ৮৬ ৰাণৰ লক্ষ বান্ধি দিয়ে।বলাৰ ভৃগু কাশ্যপৰ প্ৰথম অভাৰতে টীয়ক প্ৰেছ ক্লাৱে ২৭ ৰাণ সংগ্ৰহ কৰে। ইপিনে ভৃগু একাদশৰ হৈ অপেনিং বেটছমেন হিচাপে ভৃগু কাশ্যপ আৰু ৰূপজ্যোতি কুৰ্মীয়ে এন্ট্ৰি মাৰে যদিও তৃতীয় অভাৰতে আউট হ’ব লগা হয় ভৃগু কাশ্যপ।উক্ত খেলখনত ভৃগু একাদশে দুৰ্বল খেল প্ৰদৰ্শন কৰে যদিও ৰূপজ্যোতি কুৰ্মীয়ে ভাল খেল প্ৰদৰ্শন কৰে।
সহস্ৰাধিক ৰাইজে উপভোগ কৰা উক্ত খেলখন আছিল যথেষ্ঠ আমোদজনক।টীয়ক প্ৰেছ ক্লাৱৰ হাতত পৰজিত হৈ ভৃগু কাশ্যপে ৰসিকতাৰে কয়- "খেলখন দিনৰভাগত হোৱাহেতেন নিশ্চয় আজিও ভৃগু একাদশ জয়ী হলহেতেন।" লগতে ক্ৰিয়া আৰু সংস্কৃতি চৰ্চাই সমাজখন ধুনীয়া কৰি ৰাখে বুলি কৈ কলীয়াপানী যুৱ মঞ্চৰ এনে প্ৰয়াস প্ৰশংসনীয় বুলিও মন্তব্য কৰে।একেদৰে এগৰাকী ভাল ফুটবলাৰ হিচাপে পৰিচয় থকা ৰূপজ্যোতি কৰ্মীয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰে। খেলৰ শেষত সকলোকে ধন্যবাদ জনাই ৰূপজ্যোতি কুৰ্মীয়ে কয় - এনে আয়োজনে সমাজত সমন্বয় গঢ়ে।
উল্লেখ্য যে প্ৰয়াত লক্ষেশ্বৰ শইকীয়া আৰু স্বৰ্ণ শইকীয়া সোঁৱৰণত আয়োজন কৰা উক্ত দিবা-নৈশ ক্ৰিকেট খেলৰ সামৰণি অনুষ্ঠানত ভৃগু কাশ্যপৰ লগতে কেইবাগৰাকীও জনপ্ৰিয় শিল্পীৰ উপস্থিতিতিত এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|