দেশত আৰম্ভ হৈছে কোৰোণাৰ তৃতীয় ঢৌ। অমিক্ৰণৰ লগতে কোৰোণাৰ আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। অসমতো প্ৰতিদিনে বাঢ়িছে আক্ৰান্ত ৰোগীৰ সংখ্যা। এইবাৰ কোৰোণাত আক্ৰান্ত হ'ল জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰ। এইবাৰৰ সৈতে দ্বিতীয়বাৰৰ বাবে কোৰোণাত আক্ৰান্ত হৈছে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী।
কোৰোণাত আক্ৰান্ত হোৱাৰ কথা সীমান্ত শেখৰে নিজৰ ছচিয়েল মিডিয়া ছাইটত শ্বেয়াৰ কৰিছে। লগতে বৰ্তমান তেওঁ হোম আইছলেছনত আছে বুলি জনাইছে। দেহত সাধাৰণ কোৰোণাৰ লক্ষণ আছে যদিও বৰ্তমানলৈকে শিল্পীজনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ।
ইফালে বিহুৰ দিনা ৰাজ্যত ৩০,১০৯ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হয় আৰু ইয়াৰে ২.৩৪৮ জন লোক কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ ৫ জন কোভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে।
বিগত ২৪ ঘণ্টাত অসমত আক্ৰান্তৰ হাৰ হৈছে ৭.৮০ শতাংশ। এতিয়াও ৰাজ্যত Coronaত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৫, ২৬৭ জন। বিগত ২৪ ঘণ্টাত সৰ্বাধিক ৮৭০ জন আক্ৰান্ত হৈছে কামৰূপ মহানগৰ জিলাত। বিগত ১০ দিনত জিলাখনত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৬,৮৩৫ জন।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : January 15, 2022, 09:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।