জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞাই পত্নীৰ বিয়োগ। বুধবাৰে দিনৰ ভাগত এটি পুত্ৰ সন্তান জন্ম দিয়েই মৃত্যুক সাৱটি ল’লে জনপ্ৰিয় কণ্ঠশিল্পীজনৰ পত্নী মানশ্ৰীয়ে।
বুধবাৰে দিনৰ প্ৰায় ১২ বজাত এটি পুত্ৰ সন্তান জন্ম দিয়ে মানশ্ৰীয়ে। ৰূপম ভূঞাই আনকি পুত্ৰ জন্ম হোৱাৰ খবৰ ছচিয়েল মিডিয়াতো শ্বেয়াৰ কৰে। কিন্তু সন্তান জন্ম হোৱাৰ কিছু সময়ৰ পিছতে দুৰ্ভাগ্যজনক ভাবে মাৰোৱাৰী মেটাৰনিটি হাস্পতালত মৃত্যুক আকোৱালি লয় কণ্ঠশিল্পীগৰাকীৰ পত্নীয়ে।